গোলাঘাট, ১০ জুন:গোলাঘাটত এটা গুলীবিদ্ধ বন্যহস্তীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য । যোৱা ৬ জুনত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ বিজুলী বনাঞ্চলৰ সমীপৰ গুদাম তেৰং গাঁৱত বনকৰ্মীৰ দলে প্ৰত্য়ক্ষ কৰিছিল এটা আঘাতপ্ৰাপ্ত বন্য়হস্তী । ইয়াৰ পিচত যোৱা ৭ জুনত উক্ত স্থানতেই এই হাতীটোৰ চিকিৎসা কৰে বন বিভাগৰ লোকে । কিন্তু দেওবাৰে বন বিভাগৰ লোকে বিজুলী বনাঞ্চলত আঘাতপ্ৰাপ্ত হাতীটো মৃত অৱস্থাত উদ্ধাৰ কৰে । সোমবাৰে এই বিষয়ে সদৰী কৰিছে গোলাঘাট বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া ৰাজীৱ কাকতিয়ে ।
ঘটনাৰ বিৱৰণি অনুসৰি গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ বিজুলী বনাঞ্চলৰ কাষৰ গুদাম তেৰং গাঁৱত বনকৰ্মীৰ দলে যোৱা ৬ জুনত অসুস্থ অৱস্থাত এটা মখনা বন্যহস্তী প্ৰত্যক্ষ কৰে । ইয়াৰ পিচতেই বনাঞ্চলিক বিষয়া ৰাজীৱ কাকতিক অৱগত কৰে । উক্ত খবৰ লাভ কৰাৰ লগে লগে যোৱা ৭ জুনত উচ্চ পদস্থ বিষয়াৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰামৰ্শ মতে এজন চিকিৎসকৰ দ্বাৰা চিকিৎসা আৰম্ভ কৰে । কিন্তু বিজুলী বনাঞ্চলৰ পৰা ৮ জুনত অসুস্থ হাতীটোৱে কাৰ্বি আংলং জিলাৰ গুদাম তেৰং গাঁৱত অৱস্থান কৰে । তাৰ পাছতে বনাঞ্চলিক বিষয়াগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ সংস্থাপন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰাত এটা চিকিৎসকৰ দল উক্ত স্থানত উপস্থিত হৈ চিকিৎসা প্ৰদান কৰে ।
বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, আঘাতপ্ৰাপ্ত হাতীটোৰ গাত দাগ প্ৰত্যক্ষ কৰা হৈছিল । হাতীটোৱে চকুৰে দেখা পোৱা নাছিল বুলিও তেওঁ কয় । ইফালে, আঘাতপ্ৰাপ্ত হাতীটোক চিকিৎসা প্ৰদানৰ পাছত পুনৰ বিজুলী বনাঞ্চলৈ খেদি পঠিয়ায় বন বিভাগে । কিন্তু ৯ জুনত বন বিভাগৰ লোকে বিজুলী বনাঞ্চলত আঘাতপ্ৰাপ্ত হাতীটোক শুই থকা অৱস্থাত দেখা পাই বনাঞ্চলিক বিষয়াক খবৰ দিয়াত এটা চিকিৎসকৰ দল লৈ উক্ত স্থানত উপস্থিত হয় যদিও চিকিৎসকে হাতীটোৰ ইতিমধ্যে মৃত্যু হোৱা বুলি কয় ।