মৰিগাঁও:বিগত ৬ টা দিনে তীব্ৰ আতংকৰ মাজত দিন কটাইছে মৰিগাঁওবাসী ৰাইজে । পবিতৰাৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে নিদ্ৰা হৰিছে বিস্তীৰ্ণ অঞ্চলৰ ৰাইজৰ লগতে বনবিভাগৰ । ইতিমধ্যে বনৰীয়া ম'হটোৰ আক্ৰমণত এজন নিহত হোৱাৰ বিপৰীতে পাঁচজনকৈ লোক আহত হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।
পবিতৰাৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া ম'হটোৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে মৰিগাঁও জিলাৰ উত্তৰ পশ্চিমাঞ্চলত । স্থানীয় প্ৰশাসনৰ দায়িত্বহীনতাক ধিক্কাৰ স্থানীয় লোকৰ । বনৰীয়া ম'হটোৰ আক্ৰমণত বৃহস্পতিবাৰে নিহত শালমৰা পামৰ তিনি সন্তানৰ পিতৃ দীপক বৰদলৈ নামৰ লোকজন ।
একেদিনাই ম'হ টোৰ নৃশংস আক্ৰমণত শুকুতিপোতা গাঁৱৰ ৰমেন নাথ নামৰ যুৱকজন গুৰুতৰভাৱে আহত হয় । ইফালে শনিবাৰেও ম'হটোৰ আক্ৰমণত চিৰদিনৰ বাবে ঘূণীয়া হয় ঘগুৱা বৰঘুলি গাঁৱৰ সত্যব্ৰত বৰদলৈ, উমেশ দাস আৰু ঘন দাস নামৰ লোককেইজন । মৃত দীপকৰ পত্নী বকুলি বৰদলৈসহ তিনি এমাডিমা সন্তান ক্ৰমে, নিবেদিতা, চয়নিকা আৰু ডেৰ বছৰীয়া সন্তান নয়ন জ্যোতিৰ ভবিষ্যত এতিয়া অন্ধকাৰ হৈ পৰিছে ।
কেতিয়াবা বিলত মাছ মাৰি আৰু কেতিয়াবা আনৰ ঘৰত হাজিৰা কৰি দীপকে পৰিয়ালটোক পোহপাল দিছিল । দীপকৰ মৃত্যুৰ পাছত মূৰত সৰগ ভাঙি পৰিছে বকুলিৰ । ইফালে সম্প্ৰতি পথাৰত ইজনৰ পাছত সিজন কৃষকক আক্ৰমণ কৰি চিৰঘূণীয়া কৰিছে ম'হটোৱে । ম'হটোৰ সন্ত্ৰাসত ছাত্ৰ-ছাত্ৰীক বিদ্যালয়, পথাৰলৈ সাহস কৰা নাই পিতৃ-মাতৃয়ে ।