তেজপুৰ, ৫ ছেপ্টেম্বৰ : শিক্ষা হৈছে জীৱনৰ এক অবিচ্ছেদ্য অংগ । আনহাতে, এগৰাকী শিক্ষক অবিহনে জীৱনত কোনেও সাৰ্থকতা লাভ কৰিব নোৱাৰে । প্ৰতিগৰাকী ব্যক্তিৰে বিভিন্ন পৰ্যায়ত, বিভিন্ন পৰিস্থিতিত বিভিন্নজন শিক্ষক বা গুৰু থাকে । অৱশ্যে আমি আনুষ্ঠানিক শিক্ষকসকলকহে স্বীকৃতি প্ৰদান কৰো আৰু এইসকল শিক্ষকৰ সন্মানৰ বাবেই ৫ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।
সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপন কৰা হৈছে ৬৩ সংখ্যক শিক্ষক দিৱস । দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ জন্মদিনটো দেশৰ শিক্ষক সমাজৰ বাবে উছৰ্গা কৰি তেওঁৰ লগতে মহান শিক্ষক সমাজক শ্ৰদ্ধা নিবেদনৰ বাবে এই দিৱসটো উদযাপন কৰা হয় ।
- ৫ ছেপ্টেম্বৰ :
৫ ছেপ্টেম্বৰ হৈছে বিশিষ্ট পণ্ডিত, দাৰ্শনিক তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী । তেওঁৰ জন্মদিনটোতেই এই দিৱস পালন কৰা হয় । আমাৰ জীৱনত শিক্ষকৰ ভূমিকা আৰু গুৰুত্বক সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । শিক্ষকসকল কেৱল ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বাহকেই নহয়, তেওঁলোক হৈছে দেশৰ ভৱিষ্যৎ নাগৰিকসকলৰ দিক-নিৰ্দেশক । এই কামত তেওঁলোক সদায় ব্ৰতী হৈ আহিছে ।
শিক্ষক দিৱসৰ তাৎপৰ্য কেৱল শিক্ষকসকলক সন্মান জনোৱাতে সীমাবদ্ধ নহয়, তেওঁলোকৰ অদম্য প্ৰচেষ্টা, কৰ্তব্য নিষ্ঠা আৰু অটল মনোবলৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা হয় । শিক্ষকসকলে আমাৰ মন-মগজুৰ গঢ় দিয়ে, আমাৰ সপোনক বাস্তৱত পৰিণত কৰাত সহায় কৰে আৰু তেওঁলোকৰ জ্ঞান আৰু যত্নৰে আমাৰ ভৱিষ্যৎ গঢ়ি তোলে ।
সমগ্ৰ জীৱনজুৰি আনক অনুপ্ৰাণিত আৰু প্ৰভাৱিত কৰে শিক্ষকসকলে । সেয়ে শিক্ষক দিৱসৰ দিনা এইসকল নীৰৱ সেৱক, জ্ঞানৰ খনিকৰ, সমাজৰ অভিভাৱকক শ্ৰদ্ধা জনাবলৈ বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হয় । এই দিনটোতে শিক্ষাৰ ক্ষেত্ৰত জড়িত থাকি জ্ঞানচক্ষু দান কৰা দেশৰ লগতে ৰাজ্যৰ কীৰ্তি শিক্ষকসকলক ৰাজ্যিক তথা ৰাষ্ট্ৰীয়ভাৱে পুৰস্কৃত কৰা হয় ।
- ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা
ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত । তেওঁ আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, ৰাষ্ট্ৰনেতা তথা শিক্ষাবিদ । শিক্ষাৰ শক্তি আৰু আমাৰ জীৱন গঢ় দিয়াত শিক্ষকৰ ভূমিকাক বিশ্বাস কৰা এগৰাকী উল্লেখযোগ্য ব্যক্তি আছিল ৰাধাকৃষ্ণন । তেওঁৰ মতে, ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ় দিয়াত শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
ৰাধাকৃষ্ণনে শিক্ষাৰ পৰিৱৰ্তনশীল শক্তিত বিশ্বাস কৰিছিল আৰু শিক্ষক বৃত্তিক তেওঁ যথেষ্ট সন্মান কৰিছিল । ১৯৫২ চনত ৰাধাকৃষ্ণন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । ইয়াৰ পিচত দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাপে ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ তেওঁ ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত হয় ।
ৰাষ্ট্ৰপতি হোৱাৰ সময়ত তেওঁৰ কিছুমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অনুৰাগীয়ে ৫ ছেপ্টেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল । কিন্তু ইয়াৰ উত্তৰত মহান পণ্ডিতগৰাকীয়ে কৈছিল, "মোৰ জন্মদিনৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰ দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় তেন্তে সেয়া মোৰ সৌভাগ্য হ'ব ।" সেয়েহে ৫ ছেপ্টেম্বৰৰ দিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।