গুৱাহাটী, ৮ অক্টোবৰ: বৰ বেছি দিনৰ কথা নহয়, আজিৰ পৰা প্ৰায় এটা দশকৰ আগৰ কথা ৷ সেইসময়ত পূজা বা বিহু বুলি ক’লেই অসমীয়া মানুহে বিশেষকৈ গৃহিনীসকলে অধীৰ আগ্ৰহেৰে বাট চাইছিল উৎসৱৰ বতৰত প্ৰকাশিত বিশেষ আলোচনীসমূহলৈ ৷ বিহু-পূজাত নতুন কাপোৰ, বেলুন-পুতলা আদি কিনাৰ উপৰিও মানুহৰ ধাউতি আছিল বিশেষ আলোচনীখনৰ প্ৰতিও ৷
অসমৰ বিভিন্ন ছপা সংবাদ মাধ্য়মে প্ৰকাশ কৰা বিহু আৰু পূজা বিশেষ আলোচনীখনেই আছিল এই আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ দৈনিক অসম, প্ৰতিদিন, দৈনিক জনমভূমি, বিস্ময় আদিৰ বিশেষ সংখ্যাটোত প্ৰকাশিত গল্প, উপন্যাস, কবিতা, প্ৰৱন্ধ পঢ়িবলৈ পাঠকৰ আছিল বিশেষ উৎসুকতা ৷ কিন্তু ক্ৰমাৎ যেন সেই আকৰ্ষণ হ্ৰাস পাবলৈ ধৰিছে বৰ্তমান সময়ত ৷ ইয়াৰ কাৰণ কি বাৰু ? ইন্টাৰনেট, সামাজিক মাধ্যমৰ বহুল ব্যৱহাৰ নে অধ্যয়নৰ প্ৰতি মানুহৰ বিৰাগ ? অৱশ্যে বহুতেই এতিয়াও উৎসৱকালীন এই বিশেষ আলোচনীখন সংগ্ৰহ কৰি তাৰ সোৱাদ লৈ আহিছে ৷ কিন্তু পূৰ্বৰ তুলনাত যেন সেয়া বহুখিনি হ্ৰাস পাইছে !
শাৰদীয় বিশেষ সংখ্যাবোৰৰ আদৰ কমিছে নেকি ? সম্প্ৰতি ই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে । সামাজিক মাধ্য়মতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে । আপাতঃ দৃষ্টিত পূৰ্বৰ অসমীয়া আলোচনী, বাতৰিকাকতবোৰে (কেইখনমানক বাদ দি) পৰম্পৰাগতভাৱেই শাৰদীয় সংখ্যাবোৰ প্ৰকাশ কৰি থাকিলেও পূৰ্বৰ তুলনাত প্ৰচলন ভালেখিনি হ্ৰাস পাইছে । আনকি পূৰ্বতে পাঁচ হেজাৰ কপি প্ৰকাশ কৰা আলোচনীখনেও এতিয়া শাৰদীয় বিশেষ সংখ্যাটো পাঁচশ কপিহে কোনোমতে ছপা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ।
গুৱাহাটীৰ কিতাপ-আলোচনীৰ দোকানবোৰলৈ গ'লেই এই কথা স্পষ্ট হৈ পৰে । প্ৰতিদিন, দৈনিক অসম, অসম বাণী, খবৰ, আমাৰ অসম আদি কাকতৰ পূৰ্বতে আলোচনীবোৰ প্ৰকাশৰ বাবে যি হেতা-ওপৰা লাগিছিল, এতিয়া সেয়া নাই । তেনেদৰে বিস্ময়, ত্ৰিশূল, ৰংঘৰ, প্ৰিয়সখী, পূবালী, আজিৰ সময়, শ্ৰীময়ী, সময়, তৃষ্ণাতুৰ আদি পূজা সংখ্যা প্ৰকাশ কৰা আলোচনীবোৰ এতিয়া বজাৰত নাই বুলিয়ে ক'ব পাৰি ।
এইবোৰ আলোচনীয়ে এটা সময়ত শাৰদীয় সাহিত্যৰ সুবাস দিছিল । সেই সুবাস ক'ত হেৰাল ? বৈদ্যুতিন মাধ্যম বা ডিজিটেল মাধ্যমৰ বহুল প্ৰচাৰে সেই সুবাস নাইকীয়া কৰিলে নেকি ? এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কেবাগৰাকীও সম্পাদক আৰু পাঠকে ৷
পঢ়ুৱৈৰ সংখ্যা কমিছে : কনকসেন ডেকা
বিশেষ সংখ্যাৰ আলোচনীৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱা সন্দৰ্ভত বিশিষ্ট সাহিত্যিক-সাংবাদিক কনকসেন ডেকাই কয়, ‘‘বৰ্তমান সময়ত পঢ়ুৱৈৰ সংখ্যা বহুত কমিছে । গতিকে পঢ়া মানুহ নাথাকিলে প্ৰকাশক গোষ্ঠীয়ে লোকচান কৰি কিয় পূজাৰ সংখ্যা প্ৰকাশ কৰিব । অসমীয়া ভাষাৰ পূজাৰ সংখ্যাৰ প্ৰচলন পূৰ্বতকৈ তুলনামূলকভাৱে কমিছে ।’’
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ডেকাই লগতে কয়, ‘‘এজন লোক মোৰ ওচৰলৈ আহি অসমীয়া পূজাৰ সংখ্যাৰ বিক্ৰী নাই বুলি ক'লে । তেওঁ ক'লে যে তেওঁৰ দোকানত তিনি কপি অসমীয়া পূজা সংখা বিক্ৰীৰ বাবে ৰাখিছিল । কিন্তু বিক্ৰী নহ'ল । তাৰ তুলনাত বাংলা ভাষাৰ পূজা সংখ্যাৰ বিক্ৰী ভাল ।’’ এই জ্বলন্ত সমস্যাবোৰ ইতিবাচক ধৰণে আলোচনা হোৱা উচিত যদিও আজিলৈকে হোৱা নাই বুলি খেদ প্ৰকাশ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে ।
কোভিডে পৰিৱশ সলনি কৰিছে: দিলীপ চন্দন