গুৱাহাটী:কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি ? চলিত জানুৱাৰী মাহতে ঘোষিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম । ইতিমধ্যে শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তিৰ বাবে কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটক অসমৰ পর্যবেক্ষক হিচাপে নিযুক্তি দিছে । অৱশ্যে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পূৰ্বৰে পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি কোন হ'ব তাক লৈ ব্যাপক চৰ্চা চলি আছিল ।
কিন্তু পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পাছতেই বাজপেয়ী ভৱনত তৎপৰতা বৃদ্ধি পাইছে । কোন হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ? ইয়াক লৈ এতিয়া সৰৱ চৰ্চা চলিছে বাজপেয়ী ভৱনৰ ভিতৰে বাহিৰে । আজিৰ তাৰিখত সভাপতি পদৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ লগতে সাংসদ দিলীপ শইকীয়া, সাংসদ ৰামেশ্বৰ তেলী আৰু প্রাক্তন সাংসদ পল্লৱ লোচন দাসৰ নাম বিশেষভাৱে চৰ্চাত আছে ।
অৱশ্যে চৰ্চাত থাকিলেও কিন্তু সভাপতিৰ পদক লৈ শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বৰ এতিয়াও অংক মিলা নাই । কাৰণ নতুন সভাপতিৰ ওপৰত যথেষ্ট গধূৰ দায়িত্ব থাকিব । নতুন সভাপতিৰ ওপৰতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰো গুৰু দায়িত্ব থাকিব । যাৰ বাবে সকলো দিশ চালিজাৰি চাই দলটোৱে এজন সকলোৰে গ্ৰহণযোগ্য লোকক সভাপতিৰ পদত বহুওৱাৰ সিদ্ধান্ত লৈছে ।
ইফালে বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি বৰ্তমানৰ সভাপতি ভৱেশ কলিতা দ্বিতীয়বাৰৰ বাবে সভাপতি হ'লেও আচৰিত হ'বলগীয়া কোনো কথা নাই । কিয়নো দলৰ একাংশ শীর্ষ নেতাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সভাপতি সলনি হোৱাটো বিচৰা নাই । ইফালে ভৱেশ কলিতাক পুনৰ সভাপতিৰ দায়িত্ব নিদিলে তেওঁক সংস্থাপিত কৰাৰ কথাও আছে । কিয়নো শাসকীয় দল এটাৰ সভাপতিগৰাকীক পৰৱৰ্তী সময়ত এটা সন্মানজনক দায়িত্ব দিয়াটো বিজেপিৰ এটা পৰম্পৰা ।
এই ক্ষেত্ৰত সভাপতিৰ দায়িত্বৰ পৰা ভৱেশ কলিতাক আঁতৰ কৰিলে তেওঁক মন্ত্ৰীৰ দায়িত্ব দিব লাগিব । অৱশ্যে সমগ্র বিষয়টোত মুখ্যমন্ত্ৰীৰ স্থিতিৰ ওপৰতে এতিয়া সকলো কথা নিৰ্ভৰ কৰিছে । ইফালে চাহ জনগোষ্ঠীৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ নাম চৰ্চালৈ আহিছে যদিও পল্লৱ লোচন দাসক সভাপতিৰ দায়িত্ব দিলে ন-পুৰণিৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা কৰিছে একাংশই ।