যোৰহাট, 12 ছেপ্টেম্বৰ : বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ হৈছিল যে চুমী বৰা আৰু তাৰ্কিক বৰাই প্ৰথমতে মেঘালয় আৰু তাৰ পিছত বিহাৰ, নেপাল আদিত আত্মগোপন কৰি আছিল ৷
কিন্তু সেয়া সম্পূৰ্ণ মিছা বুলি প্ৰমাণিত হ'ল ৷ কাৰণ ইতিমধ্যে এই কথা পোহৰলৈ আহিছে যে চুমী আৰু তাৰ্কিকে আত্মগোপন কৰি আছিল যোৰহাটত ৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰে হোৱা কথা বতৰাত এই কথা চুমীয়ে নিজেই স্বীকাৰ কৰিছে ৷ তাৰ পিছত বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীৰ STF এ ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰে ৷
বুধবাৰে কোনো অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমযোগে এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰিছিল চুমী বৰাই ৷ চুমীয়ে কৈছিল, ‘‘আজি মই নিশা ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিম ৷’’
কিন্তু নিশা ডিব্ৰুগড় সদৰ থানালৈ নাহিল দুয়ো অভিযুক্ত ৷ পুৱতি নিশা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে Xযোগে চুমী আৰু তাৰ্কিকক STF দলে গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে ৷ ইয়াৰ পাচতে এতিয়া বিগত 10 টা দিনে চুমী বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰি থকা স্থানক লৈ চলিছে চৰ্চা ৷
লগতে পঢ়ক :এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা - STF trap Sumi and Tarkik
যোৰহাট কাছগড়ালত থকা তাৰ্কিক বৰাৰ পিতৃগৃহত চুমী আৰু তাৰ্কিকে বিগত 7 দিন ধৰি আত্মগোপন কৰি আছিল, এই কথা প্ৰকাশ কৰিছিল খোদ চুমী বৰাই ৷ উক্ত স্থানৰ পৰাই বিশেষ ব্যক্তিৰ তৎপৰতাত তেওঁলোকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ বাবে ডিব্ৰুগড়লৈ ওলাই গৈছিল ৷ কিন্তু যোৰহাট কাছগড়ালত চুমী বৰা আৰু তাৰ্কিক বৰাই আত্মগোপন কৰা নাই বুলি মন্তব্য কৰিছে তেওঁলোকৰ আত্মীয়ই ৷
- তাৰ্কিক বৰাৰ আত্মীয়ৰ ভাষ্য :
‘‘এমাহ আগত ইয়ালৈ তাৰ্কিক আহিল ৷ আইতাকৰ গা বেয়া ৷ সেয়ে আইতাকক নিবলৈ আহিছিল আৰু আমাক খোৱা বস্তু দিবলৈ আহিছিল সি ৷ চুমী বৰাই একেবাৰে মিছা কথা কৈছে ৷ আমি যদি মিছা কথা কৈছো গাঁৱৰ মানুহে ক’ব ৷ কিয়নো এহাল মানুহ এঘৰত থাকিলে গাঁৱৰ কোনোবা নহয় কোনোবাইতো দেখিব ৷ ইয়াতো যদি বিশ্বাস হোৱা নাই তেন্তে আজিকালি বহু বৈজ্ঞানিক পদ্ধতি আছে, সকলো পৰীক্ষা কৰক ৷ যদি এহাল মানুহ এঘৰত থাকে, তেন্তে ভৰিৰ চাপ, হাতৰ চাপ আদি পাব ৷ বিয়াৰ পাচৰ পৰাই ইয়ালৈ চুমী বৰা অহা নাই ৷ বাহী বিয়াৰ দিনাই চুমী বৰা এই ঘৰৰ পৰা ওলাই গৈছে আৰু অহা নাই ৷ কিন্তু তাৰ্কিক আহি থাকে ৷’’