অসম

assam

ETV Bharat / state

জ্যোতিষশাস্ত্ৰ অনুসৰি কেনে যাব আপোনাৰ এই সপ্তাহটো ? - WEEKLY HOROSCOPE

কেনে যাব আপোনাৰ এই সপ্তাহটো ? জানিবলৈ পঢ়ক আপোনাৰ সপ্তাহটোৰ ৰাশিফল ৷ জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ সপ্তাহটোৰ ৰাশিফল...

Weekly Horoscope for 2nd to 8th Feb 2025
সপ্তাহটোৰ ৰাশিফল... (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 7:09 AM IST

  1. মেষ ৰাশি :চাকৰিয়াল লোকসকলে হঠাতে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ কিয়নো ইয়াৰ ফলত ক্ষতি হ’ব পাৰে । এই সপ্তাহটো উদ্যোগীসকলৰ বাবে অনুকূল ৷ শিক্ষাৰ ক্ষেত্ৰত গাফিলতি নকৰিব । অন্যথা ক্ষতিৰ সন্মুখীন হ’ব পাৰে । এই সপ্তাহত অপ্ৰয়োজনীয় বস্তু ক্ৰয়ত ব্যয় হ’ব পাৰে । প্ৰেমৰ ক্ষেত্ৰত সংগীৰ বাবে কিছু মানসিক চাপৰ সন্মুখীন হ’ব পাৰে ৷ বিবাহিতসকলে এই সময়ছোৱাত আনন্দৰে সময় পাৰ কৰিব ৷ সংগীক সময় দিয়ক ৷
  2. বৃষ ৰাশি :কৰ্মশক্তিৰ ইতিবাচক মনোভাৱৰ বাবে এই সপ্তাহত প্ৰতিটো কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব ৷ আনহাতে নেতিবাচকতাই আপোনাৰ প্ৰয়াস দুৰ্বল কৰিব পাৰে । চাকৰি সলনি কৰিব বিচৰাসকলে কিছু সময়ৰ বাবে এই চিন্তা বাতিল কৰক ৷ এই সময়ছোৱা ব্যৱসায়ত লাভ হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত তল পেটৰ সমস্যা হ’ব পাৰে ৷ এই সময়ছোৱাত ভ্ৰমণ কৰাটোও ক্লান্তিকৰ হ’ব পাৰে । শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰাত অসুবিধা পাব পাৰে । প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত সম্পৰ্কত দূৰত্ব বৃদ্ধি হ’ব পাৰে । বৈবাহিক জীৱনত কিছু সাৱধানতা অৱলন্বন কৰক ৷
  3. মিথুন ৰাশি :এই সপ্তাহটো লাভজনক হ’ব । চাকৰিৰ সুযোগ বিচাৰি থকাসকলে যথেষ্ট প্ৰয়াস কৰিব লাগিব । ইয়াৰ উপৰিও নিজৰ মেনেজাৰৰ সৈতে সামঞ্জস্য ৰাখিব লাগিব । স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত পুৰণি স্নায়ুৰ সমস্যাই আমনি কৰিব পাৰে ৷ সঠিক চিকিৎসা গ্ৰহণ কৰক ৷ নিজৰ ঘৰখন নতুন কৰি তুলিবলৈ পৰিকল্পনা কৰিছে, তেন্তে সেয়া আৰম্ভ কৰাৰ আগতে বাজেট তৈয়াৰ কৰি লোৱাটো নিশ্চিত কৰক । শিক্ষাৰ ক্ষেত্ৰত ভাল ৷ বিভিন্ন কাৰণত মানসিক চাপৰ সন্মুখীন হ’ব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ কামত আপুনি বিমোৰত পৰিব পাৰে । এই সপ্তাহত দাম্পত্য জীৱনটো সুখময় হ’ব । সংগীৰ সৈতে অকলে থাকিবলৈ চেষ্টা কৰিব ।
  4. কর্কট ৰাশি :সপ্তাহটো শুভ । কৰ্মৰত লোকসকলে নতুন প্ৰকল্পত যোগদান কৰিব পাৰে । ব্যৱসায় কৰাসকলৰ বাবেও সময়খিনি ভাল ৷ স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ খোৱা-বোৱাৰ বিশেষ যত্ন লোৱা উচিত । অন্যথা মূৰ, পেট বা ছালৰ সম্পৰ্কীয় কোনো সমস্যাই আপোনাক আমনি কৰিব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে সপ্তাহটো মধ্যমীয়া৷ ভাল শিক্ষা লাভ কৰিবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে । প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত এগৰাকী নতুন ব্যক্তি আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে । বিবাহিতসকলৰ বাবে সময়খিনি অলপ অসুবিধাজনক হ’ব ।
  5. সিংহ ৰাশি :এই সপ্তাহটো যথেষ্ট ফলদায়ক হ’ব । চাকৰিয়াল লোকসকলে নিজৰ প্ৰয়াসত সাফল্য লাভৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব । ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলে তেওঁলোকৰ আকাংক্ষিত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব । আৰ্থিক স্থিতিৰ ক্ষেত্ৰত কোনো কাম সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে । শ্বেয়াৰ বজাৰত ধন বিনিয়োগৰ বাবে ভাল সময় নহয় ৷ স্বাস্থ্যৰ ক্ষেত্ৰত মূৰ, পেট আৰু ভৰিত অসুবিধা ব্যক্ত কৰিব পাৰে । প্ৰেমৰ ক্ষেত্ৰত এই সময়ত অহংভাৱ নিয়ন্ত্ৰণ কৰক ৷ অন্যথা ইয়াৰ প্ৰভাৱ সম্পৰ্কত পৰিব ৷
  6. কন্যা ৰাশি :এই সপ্তাহটো শুভ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিত যোগাসন কৰক, যাতে সু-স্বাস্থ্য বৰ্তি থাকে ৷ অৱশ্যে, আৰ্থিকভাৱে এই সময়ছোৱা ব্যয়বহুল হ’ব । পুৰণি ঘৰটোৰ নৱীকৰণ কৰিবলৈ কিছু ধন ব্যয় হ’ব পাৰে । শিক্ষাৰ ক্ষেত্ৰত আকাংক্ষিত ফল পাবলৈ কঠিন পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে । প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত সকলো দূৰত্ব আৰু ভুল বুজাবুজি আঁতৰি যাব পাৰে । দাম্পত্য জীৱনৰ কথা ক’বলৈ গ’লে, এই সপ্তাহটো শুভ ৷ জীৱন সংগীৰ সৈতে ক’ৰবালৈ ফুৰিবলৈ ওলাই যাব পাৰে ।
  7. তুলা ৰাশি : এই সপ্তাহটো ইতিবাচক হোৱাৰ সম্ভাৱনা ৷ কৰ্মৰত লোকসকলে কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত । এই সময়ত উৰ্ধতন বিষয়াসকলৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক । ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই সপ্তাহত সাৱধানে কাম কৰিব লাগিব । যদি এনে নকৰে, তেন্তে ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। এই সপ্তাহত ঋতুজনিত ইনফ্লুয়েঞ্জা, চৰ্দি, কাহ আদি সমস্যাই আমনি কৰিব পাৰে । শিক্ষাৰ্থীৰ ক্ষেত্ৰত অৰ্থহীন কথা-বতৰাৰ পৰা মনোযোগ আঁতৰাই পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগে । তেতিয়াহে জীৱনত সাফল্য লাভ কৰিব ।
  8. বৃশ্চিক ৰাশি :এই সপ্তাহটো অতি লাভজনক হ’ব বুলি আশা কৰা হৈছে । চাকৰিয়াল লোকসকলে যদি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে তাৰ বাবে এয়া সঠিক সময় নহয় । এনে পৰিস্থিতিত এই বিষয়ৰ সন্দৰ্ভত যিকোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক । ব্যৱসায় কৰাসকলৰ বাবে সময়খিনি লাভজনক হ’ব ৷ যদি উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাব বিচাৰে, তেন্তে এয়া হ’ব উপযুক্ত সময় । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত পুৰণি সংগী ঘূৰি আহিব পাৰে, অৱশ্যে সেই সম্পৰ্ক আগৰ দৰে হৈ নাথাকিব । দাম্পত্য জীৱনৰ কথা ক’বলৈ গ’লে, অতীতৰ ওজৰ-আপত্তিসমূহ পাহৰি নিজৰ সম্পৰ্কটো আগবঢ়াই নিয়াত মনোনিৱেশ কৰাটো লাভজনক হ’ব ।
  9. ধনু ৰাশি : এই সপ্তাহটো অনুকূল হ’ব । চাকৰিয়াল লোকসকলে যদি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে তাৰ বাবে এই সময় অনুকূল হ’ব । শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিব বিচাৰে, তেন্তে কিছু সতৰ্কতাৰে বিনিয়োগ কৰক । ব্যৱসায়ত কিবা ভুলৰ বাবে লোকচানৰ সন্মুখীন হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত চকু বা বুকুৰ সৈতে সম্পৰ্কিত কিছু সমস্যা হ’ব পাৰে । এই সময়ত অযথা মানসিক চাপৰ পৰা আঁতৰি থাকক, তেতিয়াহে শৰীৰটো সুস্থ হৈ থাকিব পাৰিব । শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছে, তেন্তে অত্যধিক আত্মবিশ্বাসৰ বাবে সফল হ’ব নোৱাৰিব ।
  10. মকৰ ৰাশি :এই সপ্তাহটো অনুকূল । চাকৰিয়াল লোকসকলে নিজৰ পেছাদাৰী ক্ষেত্ৰত সাফল্য লাভ কৰাৰ সম্ভাৱনা ৷ নিজৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে এয়া আপোনাৰ বাবে অনুকূল সময় । দক্ষতা অনুসৰি ডাঙৰ সুযোগ পাব পাৰে । ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সপ্তাহত কোনো ধৰণৰ পৰিৱৰ্তন কৰাৰ পৰা বিৰত থকা উচিত । এই সপ্তাহত শ্বেয়াৰ বজাৰ ধন বিনিয়োগ কৰাটোও ক্ষতিকাৰক হ’ব পাৰে । কৰ্মৰত লোকসকলৰ বাবে এই সময়ছোৱা লাভজনক হ’ব । স্বাস্থ্যৰ ক্ষেত্ৰত মাইগ্ৰেইনত আক্ৰান্ত লোকসকলে এই সপ্তাহত নিজৰ যত্ন লোৱাত গুৰুত্ব দিব লাগে । দৈনন্দিন জীৱনত যোগাসন আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক । শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহত নতুন-নতুন সুযোগ পাব পাৰে । কোনো গৱেষণাত অংশ লোৱাৰ সুযোগ পাব পাৰে । ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ পূৰ্বৰ সংগীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি নতুন সংগীৰ সন্ধানত আছে, তেন্তে এগৰাকী নতুন সংগী বিচাৰি পাব পাৰে । এই সময়ছোৱাত দাম্পত্য জীৱন ইতিবাচক হৈ থাকিব । জীৱন সংগীৰ সৈতে একেলগে ক’ৰবালৈ ফুৰিবলৈ যাব পাৰে ।
  11. কুম্ভ ৰাশি :এই সপ্তাহটো শুভ । কৰ্মৰত লোকসকলে যদি চাকৰি সলনি কৰিব বিচাৰিছে, তেন্তে তাৰ বাবে এই সময়খিনি শুভ হ’ব । এই সময়ত ব্যৱসায় কৰা লোকসকলেও উন্নতিৰ সুযোগ লাভ কৰিব পাৰে । এই সপ্তাহত স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে । টকা-পইচাৰ ক্ষেত্ৰত এই সময়তছোৱাত ঘৰৰ নৱীকৰণ আৰু অপ্ৰয়োজনীয় বস্তুৰ বাবে অধিক ব্যয় কৰিব পাৰে । যিকোনো পেছাদাৰী পাঠ্যক্ৰমৰ বাবে এয়া এক শুভ সময় হ’ব । প্ৰেমৰ ক্ষেত্ৰত এই সময়ছোৱাত কাৰ্যালয়ৰ কোনো এক সহকৰ্মীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব পাৰে । দাম্পত্য জীৱনৰ ক্ষেত্ৰত জীৱন সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে, কিন্তু ঘৰুৱা কথাবোৰ চাৰি বেৰৰ মাজতে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক ৷
  12. মীন ৰাশি :এই সপ্তাহটো অতি লাভজনক ৷ এই সময়ছোৱাত চাকৰিয়াল লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । চৰকাৰী পদত কৰ্মৰত লোকসকলে যদি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে এয়া তাৰ বাবে উপযুক্ত সময় নহয় । উদ্যোগীসকলৰ বাবে সময় অনুকূল৷ নিজৰ ব্যৱসায় বিস্তাৰৰ প্ৰয়াস অব্যাহত ৰাখক ৷ বাহন চলোৱাৰ সময়ত সাৱধান হওক, অন্যথা বিপদ হ’ব পাৰে । এই সপ্তাহটো শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক হ’ব । যদি কোনো পেছাদাৰী পাঠ্যক্ৰমত যোগদান কৰিব বিচাৰে, তেন্তে তাত সাফল্য লাভ কৰিব পাৰে । এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত শুভ ৷ যদি সংগীৰ মাজত কোনো ভুল বুজাবুজি হৈছিল, তেন্তে সেয়া নিষ্পত্তি হ’ব পাৰে ।

ABOUT THE AUTHOR

...view details