মাজুলী:আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখনত পেট্ৰ'ল ভৰোৱাৰ আগত ভালদৰে চাই লওক । প্ৰকৃততে আপোনাৰ বাহনখনৰ ট্ৰেংকীত কি সোমাইছে ? সত্ৰপীঠ মাজুলীৰ এটা পেট্ৰ'ল ডিপ'ত সংঘটিত হৈছে এক আজৱ ঘটনা । পুৱাৰ ভাগত পেট্ৰ'ল ডিপ'ত নিজৰ বাহনখনত আনদিনাৰ দৰে পেট্ৰ'ল ভৰাবলৈ গ্ৰাহকৰ আগমন ঘটিল । কিন্তু আনদিনাৰ দৰে নিজৰ বাহনখনত আজি পেট্ৰ'ল নোসোমাই সোমাল পানী ।
পেট্ৰ'ল ভৰাই কিছুদুৰ যোৱাৰ পাছত নিজৰ বাহনখন বন্ধ হৈ পৰাত বিমোৰত পৰে বাহনৰ গৰাকী । এজন বাহনৰ গৰাকীয়ে জনোৱা মতে প্ৰথম অৱস্থাত নিজৰ বাইকখনৰ অসুবিধা হৈছিল বুলি ভাবিছিল বাহনৰ গৰাকীসকলে । পাছত কেইবাখনো বাইকৰ একে অৱস্থা হোৱাত ট্ৰেংকী খুলি চোৱাতহে আচল কথা ওলাই পৰে । মাজুলীৰ গড়মূৰস্থিত লেজা ফুৱেল ছাৰ্ভিচত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।
পুৱাৰ ভাগত লেজা ফুৱেল ছাৰ্ভিচ নামৰ ডিপ'টোত গ্ৰাহকে তেল ভৰাই পৰিল বিপদত । পেট্ৰ'ল ভৰাই বহুকেইখন বাহন হৈ পৰিল বিকল । তেলৰ সলনি মটৰ চাইকেলৰ টেংকীৰ পৰা ওলাল পানী । এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰিছে বীৰ লাচিত সেনা মাজুলী জিলা সমিতিয়ে । বীৰ লাচিত সেনাৰ এগৰাকী নেতাই কয় যে মাজুলী জিলা প্ৰশাসনে অতি সোনকালে এই গোটেই বিষয়টোৰ ওপৰত এক উচিত প্ৰদক্ষেপ গ্ৰহণ কৰক ।