বাক্সা,১৩ অক্টোবৰ:ৰাজ্যজুৰি বিজয়া দশমীৰ পাৰ ভঙা উচাহ । যষ্ঠীৰ বেদীত অধিষ্ঠিত কৰা মা দুৰ্গাক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিছে ভক্তই । নদীৰ ঘাটত দেখা গৈছে ব্যাপক ভিৰ । আনফালে দেখা গৈছে ভক্তৰ মাজত আনন্দৰ জোৱাৰ । ব্যতিক্ৰম নহয় বাক্সা । বাক্সা জিলাৰ বৰমাতো বিজয়া দশমীৰ আনন্দ-উল্লাস । বৰমাৰ সোমাজেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত আজি পৰম্পৰাগতভাৱে বিসৰ্জন দিয়া হয় মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা ।
৯১ সংখ্যক শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰা বাৰোৱাৰী দুৰ্গা পূজা কমিটিয়ে বৰমাৰ সোঁমাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে শোভাযাত্ৰা উলিয়াই বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ কাষেৰে বৈ যোৱা মৰাপাগলদিয়া নৈত দেৱীক বিসৰ্জন দিয়ে । ইপিনে বৰমা আঞ্চলিক দুৰ্গা পূজা সমিতিয়ে বৰমাৰ সোঁমাজেৰে গৈ বৰমা খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিপৰীত দিশে মৰাপাগলদিয়া নৈত দেৱীক বিসৰ্জন দিয়ে । শান্তিপূৰ্ণভাৱে সম্পন্ন হয় দেৱী বিসৰ্জন অনুষ্ঠান । যিহেতু এই অঞ্চল জনজাতি অধ্যুষিত অঞ্চল সেয়েহে বৰমৰ ৯১ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গাপূজাত সহস্ৰাধিক ভক্তৰ মিলনৰস্থলী হিচাপে পৰিগণিত হৈছে ।
বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহণ: