অসম

assam

ETV Bharat / state

দেৱীৰ বিদায় ক্ষণত একতাৰ এনাজৰীক প্ৰশংসাৰে ওপচালে শ্ৰমমন্ত্ৰীয়ে

Vijaya Dashami 2024: অশ্ৰুসিক্ত নয়নেৰে দশভুজাক বিদায় । প্ৰতিমা বিসৰ্জনৰ দৃশ্য চাবলৈ সমাগম অগণন ভক্তৰ ।

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:01 PM IST

Vijaya Dashami 2024
বিজয়া দশমীত দেৱীক বিসৰ্জন (ETV Bharat Assam)

নিউজ ডেস্ক, ১৩ অক্টোবৰ: বিজয়া দশমী উপলক্ষে শনিবাৰে তিনিচুকীয়াৰ ২৫ খনকৈ ঐতিহাসিক পূজা মন্দিৰৰ দুৰ্গা মাৰ প্ৰতিমা বিসৰ্জন দিয়ে যদিও দেওবাৰে বিসৰ্জন দিয়ে অধিকাংশ প্ৰতিমা । জিলা প্ৰশাসনে প্ৰস্তুত কৰা তালিকা অনুসৰি শতাধিক প্ৰতিমা বিসৰ্জন দিয়ে । প্ৰতিকূল বতৰকো নেওচি এই প্ৰতিমা বিসৰ্জনত তিনিচুকীয়াত ভিৰ কৰে অগণন ভক্তই ।

জিলা প্ৰশাসনৰ তৎপৰতাত গুইজান ঘাটত প্ৰতিমা বিসৰ্জনৰ কাৰণে পাঁচটাকৈ ঘাট কাৰিকৰীভাৱে যথেষ্ট উন্নত কৰা হয় । প্ৰতিমা বিসৰ্জনৰ সময়ছোৱাত তিনিচুকীয়াত উপস্থিত হয় শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ । শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে সংবাদমাধ্যমৰ জৰিয়তে তিনিচুকীয়াবাসীক ধন্যবাদ জ্ঞাপন কৰে বিগত দিনকেইটাত শান্তিমূলকভাৱে দুৰ্গা পূজা উদযাপন কৰা বাবে । লগতে আজি মাক বিদায় দিয়াৰ ক্ষণত জাতি, বৰ্ণ, নিৰ্বিশেষে সকলো ৰাজপথলৈ ওলাই আহি যি একতাৰ এনাজৰী প্ৰদৰ্শন কৰিছে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে শলাগ লয় ।

বিজয়া দশমীত দেৱীক বিসৰ্জন (ETV Bharat Assam)

জোনাইৰ তিনিমাইল ঘাটত বিসৰ্জন

বিজয়া দশমী উপলক্ষে জোনাইত দেৱী বিসৰ্জন দিলে তিনিমাইলঘাটত । ধেমাজি জিলাৰ জোনাই মহকুমাৰ নেপালী বস্তি দুৰ্গা মন্দিৰ, ৰুচিন, মূৰ্কংচেলেক ৰে'লৱে ষ্টেচন, জোনাই বজাৰ দুৰ্গা মন্দিৰ, জোনাই বজাৰ হনুমান মন্দিৰ, জোনাই গান্ধীৰোড দুৰ্গা মন্দিৰ পূজা সমিতিয়ে সম্পূৰ্ণ ৰীতি-নীতি অনুসৰি দেৱীক বিসৰ্জন দিয়ে ৷

গদাধৰ নৈৰ ঘাটত বিসৰ্জন

অশ্ৰুসিক্ত নয়নেৰে দশভুজাক বিদায় ভক্তৰ । ধুবুৰীৰ গৌৰীপুৰ গদাধৰ নৈৰ ঘাটত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় । নৈৰ ঘাটত অগণন ভক্তই ভিৰ কৰে দেৱীক বিসৰ্জন দিবলৈ । ১১৯ বছৰীয়া হৰি সভা পূজা মণ্ডপৰ মা দুৰ্গাক বিসৰ্জন দিলে ভক্তপ্ৰাণ ৰাইজে। ধুবুৰীৰ গৌৰীপুৰ চহৰত এইবাৰ মুঠ ৫৫ খন পূজা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:বিজয়া দশমীত বিধায়ক চক্ৰধৰ গগৈয়ে কি আহ্বান জনালে ৰাইজক ?

দশভূজাৰ বিদায় পৰ্বত মণ্ডপে মণ্ডপে আনন্দৰ মাজতে বিসৰ্জনৰ আবেগ

ABOUT THE AUTHOR

...view details