গুৱাহাটী,২১ এপ্ৰিল:উজনি অসমত বিজেপিবিৰোধী শক্তিক ধন্যবাদ সভাপতি ভূপেন বৰাৰ । বিজেপি বিৰোধী প্ৰাৰ্থীক ভোট প্ৰদানৰ বাবে ধন্যবাদ জনাই ৰাইজক । তেওঁ সংবাদ মাধ্যমৰ আগত কয় , ডিব্ৰুগড় সমষ্টিত লুৰিণজ্যোতি গগৈৰ জয়ৰ বাট মুকলি হৈছে । ডিব্ৰুগড়ত আপৰ ভোট বিভাজনে লুৰিণজ্যোতি গগৈক সহায় কৰিব । অংগনৱাড়ী কৰ্মীয়ে মুখ্যমন্ত্ৰীক আঙুলি টোৱাই কথা কব পৰা হ’ল বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ইতিহাসত এয়া হয়তো কেতিয়াও হোৱা নাছিল ।
লগতে তেওঁ কয়, "বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰু ধৰ্মীয় মেৰুকৰণেৰে সমাজত বিভাজন আনিছিল । অসমৰ বুদ্ধিজীৱিসকলে মাত নমতাৰ কাৰণে ভয় খাইছিলো ।" কিন্ত, ইভিএম আৰু বেলট বাকচৰ যোগেদি প্ৰতিবাদ কৰা বাবে ৰাইজক ধন্যবাদ জনাই সভাপতি বৰাই । মুছলমানক সমালোচনা কৰা মুখ্যমন্ত্ৰীয়ে হঠাৎ ওলোটা খৰ মাৰিছে বুলি কটাক্ষ কৰি তেওঁ কয় যে যোৰহাটত সমষ্টিত বিজেপি নেতাই মুখথেকেচা খাইছে ।
ইয়াৰোপৰি গোৰ্খা সম্প্ৰদায়ক ৰঞ্জিত দত্তই কৰা সমালোচনাৰ পি;তো ক্ষমা নুখুজিলে আৰু সেয়েহে তেওঁক এইবাৰ গোৰ্খা সম্প্ৰদায়ে বৰ্জন কৰিছে বুলি উল্লেখ কৰে । লগতে তেওঁ কয় যে হোজাইত ভাষিক সংখ্যালঘু ভোটাৰেও বিজেপিক বৰ্জন কৰিছে । লাখপতি বাইদেউ আঁচনিত আবেদন কৰা বাইদেউসকলে নিজকে হতাশপতি বুলি অভিহিত কৰিছে ।