অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয়-ৰাজ্যিক বঁটাপ্ৰাপক শিল্পী চন্দ্রকমল গগৈৰ দেহাৱসান - Artist Chandra Kamal Gogoi - ARTIST CHANDRA KAMAL GOGOI

Veteran Artist Chandra Kamal Gogoi passes : লখিমপুৰ কলা নিকেতনৰ অধ্যক্ষ তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্ৰাপক শিল্পী চন্দ্রকমল গগৈৰ বিয়োগ । বাৰ্ধক্যজনিত কাৰণত লখিমপুৰ মেডিকেল কলেজত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ।

Veteran Artist Chandra Kamal Gogoi Passes
শিল্পী চন্দ্রকমল গগৈৰ দেহাৱসান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 7:58 PM IST

লখিমপুৰ, ১৩ আগষ্ট : কেনভাছ উকা কৰি অজান দেশলৈ গ’লগৈ শিল্পী চন্দ্ৰকমল গগৈ । মঙলবাৰে পুৱতি নিশা লখিমপুৰ মেডিকেল কলেজত শেষ নিঃশ্বাস ত্যাগ কৰে চিত্ৰশিল্পীগৰাকীয়ে । আজীৱন ৰং তুলিকা আৰু ভাস্কর্যৰ সৈতে উমলি-জামলি আছিল চন্দ্ৰকমল গগৈয়ে ।

শিল্পী চন্দ্রকমল গগৈৰ দেহাৱসান (ETV Bharat Assam)

কেৱল নিজৰ জীৱনটোকেই নহয়, আন সহস্ৰজনৰ জীৱনকো তেওঁ ৰঙেৰে সজাই তুলিছিল । পিছে সেইজন ৰং-তুলিকা আৰু ভাস্কর্যৰ যাদুকৰ চন্দ্ৰকমল গগৈ (৭৮)য়ে কেনভাছবোৰ উকা কৰি অজান দেশলৈ গ’লগৈ । ৰঙৰ জগতখনক এৰি লখিমপুৰ মেডিকেল কলেজৰ পৰাই তেওঁ অজান এখন দেশলৈ ঢাপলি মেলে ৷ শিল্পীগৰাকীৰ মহাপ্ৰস্থানে শোকাচ্ছন্ন কৰিলে অজস্ৰজনক । নিঠৰুৱা হ’ল তেওঁৰ মানসপুত্ৰ লখিমপুৰৰ কলা নিকেতন ।

লখিমপুৰ কলা নিকেতনৰ অধ্যক্ষ, ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটাপ্ৰাপক, শিল্পী পেন্সনাৰ, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক চন্দ্ৰকমল গগৈৰ বিয়োগত লখিমপুৰত এক শোকাচ্ছন্ন পৰিৱেশৰ সৃষ্টি হৈছে । জীৱনটো কেৱল দহৰ বাবেই উৎসৰ্গা কৰা চন্দ্ৰকমল গগৈয়ে বহু চৰকাৰী চাকৰি এৰি লখিমপুৰত নিজাকৈ কলা নিকেতন স্থাপন কৰি আমৃত্যু সেৱা আগবঢ়াই গ’ল ।

অসম চৰকাৰৰ বৃত্তি গ্ৰহণ কৰি তেওঁ ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈ পশ্চিমবংগৰ শান্তি নিকেতনত শিক্ষাগ্ৰহণ কৰিছিল ৷ শিক্ষাগ্ৰহণৰ অন্তত তেওঁ অৰুণাচলৰ টিৰাপ জিলাৰ ৰামকৃষ্ণ মিছনত তিনিবছৰ চাকৰি কৰিছিল । তাৰ পিছত তেওঁ শ্বিলঙৰ আছাম ৰাইফলচৰ পাব্লিক স্কুল আৰু পৰৱৰ্তী সময়ত এলাহাবাদৰ বিদ্যা ভৱনত ১২ বছৰ চাকৰি কৰিছিল । পিছে চাকৰিৰ বান্ধোনে তেওঁক ধৰি ৰাখিব নোৱাৰিলে । চাকৰি ত্যাগ কৰি তেওঁ পশ্চিমবংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অনুমোদন সাপেক্ষে লখিমপুৰত কলা নিকেতন স্থাপন কৰি আমৃত্যু শিক্ষাদানত ব্ৰতী হয় ।

শিল্পীগৰাকীক ২০২৩ চনত ৰাজ্য চৰকাৰে বিষ্ণু প্ৰসাদ ৰাভা বঁটা প্ৰদান কৰিছিল । চৰকাৰৰ শিল্পী পেন্সনো পাইছিল তেওঁ । অসম সাহিত্য সভাৰ শিল্পী সন্মানো তেওঁ লাভ কৰিছিল । অনাতাঁৰ কেন্দ্ৰ জুয়ে পোৰা সোণ খ্যাতিও তেওঁক দিয়া হৈছিল । ২০১০ চনৰ ১৫ মাৰ্চত তেওঁ AIFACS 10 ৰাষ্ট্ৰীয় বঁটা শিল্পৰ ক্ষেত্ৰত লাভ কৰিছিল । কলাক্ষেত্ৰৰ পৰা আমেৰিকা পৰ্যন্ত বিভিন্ন দেশৰ যাদুঘৰত তেওঁৰ শিল্প-ভাস্কর্য সংৰক্ষিত হৈ আছে ।

চন্দ্ৰকমল গগৈয়ে মহাৰাষ্ট্ৰৰ নাচিকত ইণ্ডিয়া ছিকিউৰিটি প্ৰেছত ডাক টিকট ডিজাইনত অংশগ্ৰহণ কৰিছিল । তেওঁ ফ্ৰান্সৰ পেচিচস্থিত ARPHILA 74 ৰ বিশেষ টিকট আৰু World Population Year লগতে দেশৰ Mentally retarded year টিকটৰ ডিজাইনত অংশগ্ৰহণ কৰাৰ উপৰিও নতুন দিল্লীত অনুষ্ঠিত Indian international philatelic exhibition ত দেশৰ দহজন শিল্পীৰ এজন হৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছিল ।

উল্লেখ্য যে তেওঁ শিক্ষাগ্ৰহণ কৰা পশ্চিমবংগৰ শান্তি নিকেতনখনৰ অৱস্থা মাজতে অতি শোচনীয় হৈ পৰিছিল । এই কথাই শিল্পীগৰাকীৰ হৃদয় ব্যথিত কৰে । তেওঁ পোনপটীয়াকৈ তদানীন্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামলৈ এই সন্দৰ্ভত চিঠি লিখিছিল । চন্দ্ৰকমল গগৈৰ পত্ৰখনক গুৰুত্ব দি ৰাষ্ট্ৰপতিগৰাকীয়ে শান্তি নিকেতনক পুনৰোজ্জীৱিত কৰি তুলিছিল ।

জীৱনটোত নিজলৈ বুলি একোৱেই নকৰিলে চন্দ্ৰকমল গগৈয়ে । দহৰ হিতৰ বাবে তেওঁ নিজকে বিলাই দি গ’ল । এটি পুৰণিকলীয়া ঘৰতে তেওঁ কলা নিকেতন গঢ়ি তাতেই হাজাৰ হাজাৰজনক ৰং-তুলিকাৰে জীৱনবোধ শিকাই গ’ল । তেওঁৰ জীৱনক আলোকপাত কৰি লখিমপুৰৰ এটি সামাজিক অনুষ্ঠান ‘মংগলবোধ জাগৰণ কেন্দ্ৰ’ই ‘শিল্পী চন্দ্ৰকমল’ শীর্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে । অধ্যাপিকা ড৹ স্বপ্নালী গগৈয়ে তেওঁক উপজীব্য কৰি ‘সাধনাৰ চন্দ্ৰকমল’ শীর্ষক এখন গ্ৰন্থ প্ৰকাশ কৰে ।

চন্দ্ৰকমল গগৈয়ে দুখনকৈ গ্ৰন্থ প্ৰকাশ কৰি থৈ গৈছে । সেইকেইখন হ’ল ‘কল্পনাৰ স্বাধীন অসম’ আৰু ‘শান্তি নিকেতনৰ সাত হিন্দুস্থানী’ । এইগৰাকী শিল্পীৰ মৃত্যুৰ বতৰা পোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধ, আত্মীয়-স্বজন, ৰাইজ তথা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে তেওঁৰ নশ্বৰদেহত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সকলোৱে তেওঁৰ বিয়োগে শিল্পক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি কৰা বুলি শোকপ্ৰকাশ কৰে ।

মৃত্যুৰ সময়ত তেওঁ দুগৰাকী কন্যাসহ পত্নীক এৰি থৈ যায় । লখিমপুৰ নগৰ এলেকাৰ নাহৰ পুখুৰী শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :বিশিষ্ট কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ দেহাৱসান

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট শিক্ষাবিদ তথা কমিউনিষ্ট নেতা অৱনী বৰঠাকুৰৰ দেহাৱসান

ABOUT THE AUTHOR

...view details