অসম

assam

ETV Bharat / state

সৰস্বতী পূজাৰ সমান্তৰালকৈ ৰাজ্যজুৰি উদযাপন Valentine's Day - ১৪ ফেব্ৰুৱাৰী

Valentine's Day in Guwahati: সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইন ডে’ বা প্ৰেমৰ উৎসৱ হিচাপে পালন কৰা হয় ৷ আজি ভেলেণ্টাইন ডে’ৰ লগতে সৰস্বতী পূজাৰ বাবে যুৱক-যুৱতী সকলৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে ৷

সৰস্বতী পূজাৰ সমান্তৰালকৈ ৰাজ্যজুৰি উদযাপন Valentine's Day
সৰস্বতী পূজাৰ সমান্তৰালকৈ ৰাজ্যজুৰি উদযাপন Valentine's Day

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 5:23 PM IST

সৰস্বতী পূজাৰ সমান্তৰালকৈ ৰাজ্যজুৰি উদযাপন Valentine's Day

গুৱাহাটী, 14 ফেব্ৰুৱাৰী: প্ৰেমাস্পদৰ বাবে এটা বিশেষ দিন ১৪ ফেব্ৰুৱাৰী ৷ ভালপোৱাৰ এক উৎসৱ ১৪ ফেব্ৰুৱাৰী ৷ কাৰণ এই ১৪ ফেব্ৰুৱাৰীতেই বিশ্বৰ প্ৰেমিক-প্ৰেমিকাসকলে উদযাপন কৰে ভেলেণ্টাইন ডে’ ৷ সমগ্ৰ বিশ্বতে ১৪ ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইন ডে’ বা প্ৰেমৰ উৎসৱ হিচাপে পালন কৰা হয় ৷

অৱশ্যে এই ভেলেণ্টাইন ডে’ৰ ইতিহাস ভাৰতৰ লগত পোনপটীয়াভাৱে সংযুক্ত নহ'লেও বৰ্তমান ভাৰত তথা অসমতো এই উৎসৱ উদযাপনৰ যথেষ্ট উৎসাহ দেখা যায় ৷ প্ৰেমৰ দেৱতা হিচাপে খ্যাত চেইন্ট ভেলেন্টাইনৰ স্বৰ্গীয় প্ৰেমক স্মৰণ কৰিবলৈ এই দিনটো পালন কৰা হয় ৷ প্ৰেম আৰু ভালপোৱাৰ এনাজৰীডাল পবিত্ৰ আৰু সুদৃঢ় কৰি ৰখাৰ উদ্দেশ্যেৰে উদযাপন কৰা হয় এই দিন ৷

অৱশ্যে অসমত এই ভেলেণ্টাইন ডে পালনক লৈ বিভিন্ন জনৰ বিভিন্ন মত তথা বাধা আৰোপ থাকিলেও বৰ্তমান এই ডে’ পালন কৰাটো যথেষ্ট জনপ্ৰিয় হৈ উঠিছে ৷ ব্যতিক্ৰম নহয় এই বৰ্ষটোও ৷ আজি ভেলেণ্টাইন ডে’ৰ লগতে সৰস্বতী পূজাৰ বাবে যুৱক-যুৱতী সকলৰ মাজত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে ৷

আজিৰ দিনটোত শিক্ষানুষ্ঠান সমূহত পূজা পাঠ কৰাৰ লগতে ভেলেণ্টাইন ডে’ৰ বিশেষ পৰিকল্পনা কৰিছে প্ৰেমিক যুগলে ৷ নিজৰ প্ৰিয়জনৰ লগত বিশেষ দিনটোত বিশেষ পৰিকল্পনা কৰিছে ৷ সমান্তৰালকৈ ভেলেণ্টাইন ডে’ উপলক্ষে বজাৰত বাবে ৰঙা গোলাপ, ফুলৰ বুকেৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে ৷ ইফালে, সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে একেলগে হোৱাৰ বাবে ফুলৰ বিক্ৰী ভাল হোৱা বুলি মন্তব্য কৰে ব্যৱসায়ীসকলে ৷

লগতে ভেলেণ্টাইন ডে’ বুলি গ্ৰাহকে যথেষ্ট মুল্যবৃদ্ধিৰো সন্মূখীন হৈছে ৷ সেয়া যি কি নহওক প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি আৰু প্ৰেমৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে কোনো দিনৰ প্ৰয়োজন নহয় সেয়াই যেন ব্যক্ত কৰিলে বৰ্তমানৰ একাংশ নৱ প্ৰজন্মই ৷

লগতে পঢ়ক:১৪ ফেব্ৰুৱাৰীৰ দিনাই কিয় উদযাপন কৰা হয় ভেলেণ্টাইন ডে', জানি লওক এই দিনটোৰ ইতিহাস

ABOUT THE AUTHOR

...view details