গুৱাহাটী, 13 আগষ্ট: গুৱাহাটীৰ কৃত্ৰিম বানৰ আঁৰত USTM ৰ ফ্লাড জেহাদ বুলি মুখ্যমন্ত্ৰী আগবঢ়োৱা বক্তব্যৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই । সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই USTM সন্দৰ্ভত তীৰ্যক মন্তব্য আগবঢ়োৱাৰ পিচতে মঙলবাৰে USTM ৰ স্বত্বাধিকাৰী মহবুবুল হকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
তেওঁ কয়, ‘‘আমাৰ বিশ্ববিদ্যালয়ক আমি দুটা বস্তুৰ পৰা আঁতৰত ৰাখো । এটা 'ধৰ্ম' আনটো 'ৰাজনীতি'। মূল গেটখনৰ কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিচতহে লক্ষ্য কৰিছো । USTM ৰ আশে পাশে বহুত উন্নয়নৰ কাম চলি আছে, তাৰ বাবে মাটি-গছ কটা হৈ আছে । গুৱাহাটীত বানপানী হয়, ইয়াৰ বাবে আমি জগৰীয়া নহয় । আমি কেনেকৈ কাম কৰিলে ভাল হয়, মুখ্যমন্ত্ৰীয়ে দিহা পৰামৰ্শ দিয়ক ৷ আমি তেনেধৰণে কৰিবলৈ চেষ্টা কৰিম ।’’
‘‘সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত USTM ক আমি আগস্থান দিবলৈ চেষ্টা অব্যাহত ৰাখিছো । ইতিমধ্যে NIRF ৰ অধীনত শ্ৰেষ্ঠ ২০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছো, য'ত উত্তৰ-পূবৰ ভিতৰত একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় USTM অন্তৰ্ভুক্ত হৈছে ।’’ হকে লগতে কয় ৷
উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানৰ এক অন্যতম কাৰণ যোৰাবাটত থকা USTM নামৰ শিক্ষানুষ্ঠানখন বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কেৱল সেয়ে নহয় ব্যক্তিগত বিশ্ববিদ্যালয়খনে 'ফ্লাড জেহাদ’ কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷