গুৱাহাটী: USTM ৰ আচাৰ্য মহবুবুল হকক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে আচাৰ্যগৰাকীক গ্ৰেপ্তাৰক লৈ দিনৰ ভাগত মন্তব্য কৰিছিল যদিও সন্ধিয়া পুনৰ সৰুসজাইত বিস্ফোৰক মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীযে আচাৰ্যগৰাকীক গ্ৰেপ্তাৰৰ প্ৰসংগত কয়, "টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰায় মহবুবুল হকে । ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ কৰায় দিয়াৰ বাবদত মহবুবুল হকে একোজন ছাত্ৰ-ছাত্ৰীৰ পৰা আঢ়ৈ লাখকৈ টকা লৈছে ।"
তেওঁ লগতে কয়, "ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দিয়ে মহবুবুল হকে । মহবুবুল হকৰ হোৱাটছএপ মেছেজ আমি পাইছো । ইয়াৰ লগত মেডিকেল এডমিচনৰ ঘটনাও আছে । কেইটামান কোচিং চেণ্টাৰত সাংঘাটিক ভাল ৰিজাল্ট হ’য় । এই চেণ্টাৰবোৰ নিজৰ জিলাত নহয় । এই সমগ্ৰ ঘটনাটোৱে ডাঙৰ জালিয়াতি পোহৰলৈ আনিব । তদন্ত কৰিলে সকলো ওলাই পৰিব ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "মহবুবুল হক হ'ল এজন প্ৰৱঞ্চক । মই আগতেই কৈছো USTM এটা ‘Fraud Institute’। ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰলোভন দি নামভৰ্তি কৰিছিল । DGP ৰ নিৰীক্ষণত হ’ব মহবুবুল হকৰ বিৰুদ্ধে তদন্ত ।"