তিনিচুকীয়া, ২২ আগষ্ট:তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ আমগুৰি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । এগৰাকী লোকৰ ঘৰৰ খোৱাপানীৰ টেংকীত দুষ্টচক্ৰই মিহলি কৰিলে সন্দেহজনক ৰাসায়নিক দ্ৰব্য । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।
পানীৰ টেংকীত ৰাসায়নিক দ্ৰব্য মিহলি
জানিব পৰা মতে আমগুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ৰামজী শৰ্মাৰ বাসগৃহত এই ঘটনা সংঘটিত হৈছে । ভুক্তভোগী ৰামজী শৰ্মাই জনোৱা মতে বিশেষ কামৰ বাবে তেওঁৰ পৰিয়ালটো ঘৰৰ বাহিৰত আছিল । তেওঁৰ পত্নীয়ে সন্তানক বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ সময়তে কোনো দুষ্টচক্ৰই এই অমানৱীয় ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে । পত্নীয়ে ঘৰলৈ উভতি আহি পানীৰ টেপটো খুলি আচৰিত হৈ পৰে । টেপৰ পৰা দুৰ্গন্ধময় আৰু লেতেৰা পানী ওলোৱাৰ লগে লগে পৰিয়ালটোৰ হাহাকাৰ লাগিল । তেতিয়া তেওঁলোকে পানীৰ টেংকী পৰীক্ষা কৰে আৰু সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ লোকসকল ৰামজীৰ ঘৰত উপস্থিত হয় ।