নগাঁও:এতিয়া গ্ৰন্থৰ বতৰ । আপুনি যদি গ্ৰন্থপ্ৰেমী তেনেহ'লে নিশ্চয় আপোনাৰ ওচৰে-পাজৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনত এভুমুকি মাৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়েও এই বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে । এনে সময়তে চৰ্চিত হৈছে এক বিশেষ প্ৰতিষ্ঠান ।
এখন চেলুন, য'ত নাই মিউজিক চিষ্টেম, নাই অত্যাধুনিক টিভি । কিন্তু আছে এক বিশেষ পৰিৱেশ । ২০১৬ চনৰ পৰাই এই বিশেষ পৰিৱেশ গঢ় দিয়াত গুৰুত্ব প্ৰদান কৰি আহিছে এজন যুৱকে । লক্ষ্য সুদূৰপ্ৰসাৰী আৰু সমাজ পৰিৱৰ্তন কৰা তথা এক জাগৰণৰ সৃষ্টি কৰা ।
চিকুণ মহললৈ পাৰিলে আপুনিও এপাক আহিব । আপোনাৰ সময় অপব্যয় নহয় । লৈ যাব পাৰিব জ্ঞানৰ টোপোলা । চেলুনতে গঢ়িছে এটা পুথিভঁৰাল । তেওঁৰ নাম জিলমিল বৰদলৈ । ২০১৬ চনতেই নগাঁও চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ খালৈগাঁৱত নিজাকৈ চেলুন আৰম্ভ কৰি স্বৱলম্বী হোৱাৰ সপোন দেখিছিল ৰহঢলাৰ দ্বীপ কুমাৰ বৰদলৈ ওৰফে জিলমিল বৰদলৈয়ে ।
গ্ৰন্থপ্ৰেমী শিক্ষিত যুৱক জিলমিল বৰদলৈৰ সপোন আছিল নিজে স্বাৱলম্বী হোৱাৰ ওপৰি উঠি অহা প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ । যাৰ বাবেই এক ব্যতিক্ৰমী চিন্তাৰে চিধা নগাঁও-মৰিগাঁও পথৰ কাষৰেই খালৈগাঁৱত চিকুণ মহল নামেৰে এখন চেলুন আৰম্ভ কৰে জিলমিল বৰদলৈয়ে । নগাঁৱৰ খালৈগাঁৱৰ এই চিকুণ মহল নামৰ চেলুনত চুলি কটাবলৈ অহা প্ৰতিগৰাকী গ্ৰাহকৰ বাবে জিলমিল বৰদলৈয়ে নিজৰ চেলুনত ৰাখিছে বহু গ্ৰন্থ ।