কাজিৰঙা, ২২ জানুৱাৰী :ৰাম জন্মভূমি অযোধ্যা আজি ৰামময় ৷ অযোধ্যাৰ চৌদিশত এতিয়া কেৱল জয় শ্ৰীৰাম ধ্বনি ৷ কেৱল অযোধ্যাই নহয়, সমগ্ৰ ভাৰতবৰ্ষ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিশেষ ক্ষণটোৰ সাক্ষী হৈ ৰ'ল ৷ ভাৰতীয় সংস্কৃতিৰ ৫ হাজাৰ বছৰীয়া ইতিহাসত শুভ আৰম্ভণি হ'ল এক নতুন অধ্যায়ৰ ৷ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ প্ৰাণ ৷ সমগ্ৰ দেশ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে উদ্বাউল হৈ থকাৰ সময়তে হিন্দু ধৰ্মৰ লোকসকলে পবিত্ৰ জ্ঞান কৰা গো-ধন, গো-মাতাৰ মৃত্য়ুৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ বিহৰা বজাৰত । চৰকাৰী উদাসীনতাৰ সুযোগ লৈ গো-মাতাক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত যেন প্ৰতিনিয়ত অৱহেলা কৰি আহিছে বিহৰা বজাৰ কৰ্তৃপক্ষই ৷
বোকাখাতৰ বিহৰা বজাৰত অস্বাস্থ্যকৰ পৰিৱেশ তথা হেঁচা-ঠেলাৰ বাবে মৃত্যু হৈছে ৮ টাকৈ গৰুৰ ৷ এছিয়াৰ আটাইতকৈ ডাঙৰ গৰু বজাৰখনেই হৈছে বোকাখাতৰ বিহৰা গৰু বজাৰ ৷ পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এই গৰু বজাৰে দুখীয়া জনগণৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ প্ৰয়াস কৰি আহিছে ৷ ক'ভিড কালত এই গৰু বজাৰ বন্ধ হোৱাত বহু হাজাৰ কৃষকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত যেনিবা পুনৰ খোল খালে এই বজাৰ ৷ সপ্তাহৰ প্ৰতি দেওবাৰে বিহৰাত বহে গৰু বজাৰ । গোট খায় হাজাৰ হাজাৰ গৰু। শনিবাৰৰ বিয়লিৰ পৰাই বেপাৰীয়ে ইয়ালৈ আনে গৰু। কিন্তু বজাৰখনত নাই পশু চিকিৎসাৰ কোনো প্ৰাথমিক ব্যৱস্থা ৷ নাই গো খাদ্য আৰু পৰ্যাপ্ত পানীৰ ব্যৱস্থা ।