হাফলং :উমৰাংছ'ৰ তিনি কিলোৰ ক'লামাটিস্থিত উমৰাংছ' অসম কয়লাখনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ মাজৰ আৰু দুজনৰ মৃতদেহ উদ্ধাৰ । উদ্ধাৰ অভিযানৰ ষষ্ঠদিনা শনিবাৰে পুৱা প্ৰায় 7.35 বজাত কয়লাখনিটোৰ পৰা আৰু এজন শ্ৰমিকৰ মৃতদেহ এন ডি আৰ এফ আৰু সেনাবাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তাৰ কিছু সময় পিছতেই পোৱা গ’ল আন দুজনৰ মৃতদেহ ৷
শনিবাৰে পুৱা উদ্ধাৰ হোৱা প্ৰথমটো মৃতদেহ উমৰাংছ'ৰ লিজান মগৰ (২৭) নামৰ শ্ৰমিকজনৰ বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ ১ নং ক'লামাটি গাঁৱত । পুৱাই এগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে আৰু দুপৰীয়াৰ ভাগত দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে সেনা আৰু এনডিআৰএফ বাহিনীয়ে । মৃত শ্ৰমিক দুজন ক্ৰমে কোকৰাঝাৰ জিলাৰ ফকিৰগ্ৰাম আৰক্ষী থানা অন্তৰ্গত মগৰগাঁৱৰ খুশি মোহন ৰায় (৫৭ বছৰ) আৰু শোণিতপুৰ জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত থাইলাপাৰাৰ শৰৎ গয়াৰী (৩৭ বছৰ) বুলি চিনাক্ত কৰা হৈছে ৷ বাকী পাঁচগৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।
উদ্ধাৰ অভিযানৰ অগ্ৰগতি সম্পৰ্কে এনডিআৰএফৰ প্ৰথম বেটেলিয়নৰ কমাণ্ডেণ্ট এইচপিএছ কান্দাৰীয়ে সংবাদ সংস্থা ANI ক কয়, "যদি সকলো পানী উলিয়াই দিয়া হয়, আমি সহজে গৈ ভিতৰলৈ অনুসন্ধান অভিযান চলাব পাৰোঁ। এতিয়ালৈকে 4 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে..."
উল্লেখ্য যে, যোৱা 6 জানুৱাৰীত উমৰাংছ' অসম কয়লাখনিত এই বিপৰ্যয় সংঘটিত হৈছিল । কয়লাখনিত কাম কৰিবলৈ গৈ খনিটোৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল 9 গৰাকী শ্ৰমিক । ইয়াৰ পিছতে এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, ভাৰতীয় নৌ-সেনাৰ ডুবাৰুৰ দলে অভিযান চলাই নেপালৰ উদয়পুৰৰ বাসিন্দা গংগা বাহাদুৰ শ্রেষ্ঠ নামৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছিল ।