অসম

assam

অসমলৈ স্থায়ী শান্তি ঘূৰি আহক : বোমা স্থাপনৰ ঘটনাক লৈ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ দুখ প্ৰকাশ - ULFA I Bomb plans failed

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:54 PM IST

ULFA I bomb plans : আলফা স্বাধীনে ৰাজ্যৰ ২৫ টা স্থানত বোমা স্থাপন কৰাত দুখ প্ৰকাশ সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ ৷ আলফাৰ লগত আলোচনা কৰি এই সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ ৷

ULFA I BOMB PLANS FAILED
পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

ডিব্ৰুগড়, 16 আগষ্ট : "এই কামটো কৰা ভাল হোৱা নাই ৷" এই মন্তব্য আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ ৷ 15 আগষ্টত ৰাজ্যৰ 25 টা স্থানত আলফা স্বাধীনে বোমা সংস্থাপন কৰা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে মন্তব্য কৰে বিমল বৰুৱাই ৷ এই সমগ্ৰ ঘটনাক লৈ ডিব্ৰুগড়ৰ চাবুৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ৷ এই ঘটনাত দুখ প্ৰকাশ কৰে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃয়ে ৷

বোমা স্থাপনৰ ঘটনাক লৈ দুখ প্ৰকাশ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ (ETV Bharat Assam)

পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই কি কয় :

'কালি যি পৰিৱেশ সৃষ্টি হ'ল তাক দেখি দুখ লাগিছে ৷ এই কামটো ভাল হোৱা নাই ৷ আলফাই কৰো বুলি কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে অলপ ভয় খুৱাইছে ৷ আলফাই সাৰ্বভৌমত্বৰ দাবীত অটল হৈ আছে ৷ পৰেশ অসমে সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰাৰ বাবে দাবী জনাই আহিছে ৷ গতিকে অসম আৰু কেন্দ্ৰীয় চৰকাৰে আলফাৰ লগত আলোচনা কৰক যাতে অসমলৈ স্থায়ী শান্তি ঘূৰি আহে ৷ মই এই বিলাক সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ ৰাজনৈতিক দলত যোগদান কৰিছো ৷" লগতে আলফা স্বাধীনৰ লগত আলোচনা কৰি এই সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাই ৷

লগতে পঢ়ক :আলফা(স্বা)ৰ বিস্ফোৰণৰ পৰিকল্পনা বিফল: অসমৰ বিকাশৰ স্বাৰ্থত পৰেশ বৰুৱালৈ পুনৰ শান্তিৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ - ULFA I Bomb plans failed

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ 25 টা স্থানত বোমা স্থাপন কৰি নিজৰ শক্তিৰ উমান দিলে আলফা স্বাধীনে ৷ আলফা স্বাধীনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে আহ্বান জনাই পুৱা 6 বজাৰ পৰা 12 বজালৈকে অসমত সামৰিক অভিযানৰ চলোৱাৰ ভাবুকি দিছিল ৷ আলফাৰ এই ভাবুকিক কোনেও গুৰুত্ব দিয়া নাছিল যদিও আলফাই (স্বাধীন) মেইলৰ জৰিয়তে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি সংগঠনটোৰ সামৰিক অভিযানৰ অংশ হিচাপে ৰাজ্যৰ 25 টা স্থানত বোমা সংস্থাপন কৰা আছে বুলি জনায় ৷ কাৰিকৰী কাৰণত সময়মতে তেওঁলোকে এই অভিযান সফল কৰিব নোৱাৰিলে বুলি জানিবলৈ দিয়ে সংগঠনটোৱে ৷

ইয়াৰ পাছতে ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ ইতিমধ্যে বৃহস্পতিবাৰৰ পৰা আজিলৈকে বোমা বিচাৰি আৰক্ষী আৰু সেনাই চলাইছে অভিযান ৷ ইফালে ৰাজ্যত পুনৰ এনেধৰণৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগে লগে অসম আৰক্ষী আৰু গৃহ বিভাগক তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলৰ লগতে সচেতন ৰাইজে ৷ এই ঘটনাৰ পাছতে আলফা-চৰকাৰৰ মাজৰ আলোচনা সঠিক ৰূপত আগবঢ়াই নিবলৈ সকলোৱে দাবী জনাইছে ৷

লগতে পঢ়ক :চৰকাৰক শক্তিৰ উমান দিবলৈহে একেলগে ২৫ টা বোমা : আৰু কি কি ক’লে পৰেশ বৰুৱাই ? - ULFA I Bomb Plant

ABOUT THE AUTHOR

...view details