মাজুলী, 22 এপ্ৰিল :সোমবাৰে মাজুলীৰ সোণাৰীআটিত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন আলফা নেতা জীতেন দত্তই ৷ সংবাদমেলখন সম্বোধন কৰি একাংশ প্ৰাক্তন আলফা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰে জীতেন দত্ত ৷ দত্তই সংবাদমেলখন সম্বোধন কৰাৰ মূলতে আছিল প্ৰাক্তন আলফাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা কোটিটকীয়া বিত্তীয় অনিয়মৰ সন্দৰ্ভত আলোচনা ৷ তেওঁ কয় যে, বিগত সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফা নেতাৰ মাজত হোৱা আলোচনা এক নাটকহে ৷ এয়া কোনোপধ্যে জাতিৰ দলিল হ’বই নোৱাৰে ৷ কাৰণ ইয়াত আলোচনাপন্থী আলফাসকলৰ পেকেজৰ বিষয়েহে আলোচনা কৰা হৈছিল ৷
সমান্তৰালকৈ তেওঁ কয়, এয়া জাতিৰ দলিল হ’বই নোৱাৰে ৷ কাৰণ কাৰাবাসত থকা একাংশ আলফা নেতা চৰকাৰৰ মদদপুষ্ট হৈ মুকলি আকাশৰ তললৈ আহিছিল ৷ তেনেক্ষেত্ৰত আলোচনাৰ নামত জাতিৰ দৰ-দাম কৰিবলৈ তেওঁলোকৰ কোনো ক্ষমতা নাই ৷ এই আলোচনাৰ পৰা দুজনমান নেতাৰ বাহিৰে কাৰো একো লাভ নোহোৱা বুলিও তেওঁ মন্তব্য কৰে ৷