গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা লক্ষ্য নিৰ্ধাৰণ কৰাৰ সময়তে শিক্ষা মন্ত্রণালয়ে প্রকাশ কৰা শেহতীয়া ইউডাইচ (ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰ্মেচন ছিষ্টেম ফৰ এডুকেচন প্লাছ ২০২৩-২৪) ইউ ডাইচ প্রতিবেদনত দেশৰ ভিতৰতে অসমৰ শিক্ষা ব্যৱস্থাৰ দুৰ্দশাৰ ছবি প্রতিফলিত হৈছে ।
ইউ ডাইচ প্রতিবেদন মতে, অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়তকৈ বেছি । তদুপৰি অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত অসম দেশৰ ৰাজসমূহৰ ভিতৰত তৃতীয় স্থানত আছে । তথ্য মতে, প্ৰাথমিক বিদ্যালয় পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় হাৰ ১.৯ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই হাৰ ৬.২ শতাংশ ।
ঠিক সেইদৰে উচ্চ প্রাথমিক বিদ্যালয় পর্যায়ত ৰাষ্ট্ৰীয় গড় ৫.২ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই পৰিমাণ ৮.২ শতাংশ ।
আনহাতে, মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সৰ্বভাৰতীয় হাৰ ১৪.১ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই হাৰে উদ্বেগজনক ৰূপ লৈ ১৯.৪৬ শতাংশ হৈছেগৈ ।
প্ৰতিবেদনৰ তথ্য মতে, প্ৰাথমিক বিদ্যালয় পর্যায়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান বিহাৰ ( ১৩.৬৯ শতাংশ) , ৰাজস্থান( ৭.০৮ শতাংশ) ৰ পিছতে আছে ।
আকৌ মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ অসমৰ স্থান বিহাৰ ( ২০.৮৬ শতাংশ) , লাডাখ ( ২০.১ শতাংশ) ৰ পিছতে আছে ।