অসম

assam

ETV Bharat / state

চাহ খেতিৰে ২ লাখ টকা উপাৰ্জন কৰা এখন মহাবিদ্যালয় - TYAGBIR HEM BARUAH COLLEGE

শিক্ষাৰ লগতে কৰ্মদক্ষতাৰেও আগবঢ়া এখন মহাবিদ্যালয় । বিদ্যা আহৰণৰ লগতে উপাৰ্জন কৰিবলৈও আৰম্ভ কৰিছে শিক্ষাৰ্থীয়ে । জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ৷

Self reliant through tea plantation
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 4, 2024, 6:40 PM IST

Updated : Dec 4, 2024, 7:32 PM IST

তেজপুৰ: ১৯৬৩ চনত চীনা আগ্ৰাসনৰ সময়তে স্থাপিত এখন চৰকাৰী মহাবিদ্যালয়ে নিজাববীয়াকৈ চাহ খেতি কৰি ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে । শিক্ষাৰ মাজতে ছাত্ৰ-ছাত্ৰীয়ে চাহ বাগিচাৰ পাত তুলি সন্তুষ্টি লাভ কৰে । ভাল পায় চাহ বাগিচাৰ পাত তুলি । হাতত টুকুৰি লৈ বাগিচাৰ মাজত প্ৰায়ে থাকে মহাবিদ্যালয়ৰ ছাত্ৰী ।

আর্থিক অনাটনৰ বাবে মেধা সম্পন্ন দুখীয়া ছাত্ৰ-ছাত্ৰীক মহাবিদ্যালয়ত পাঠ্যক্ৰমৰ পৰা বঞ্চিত নোহোৱাকৈ এই চাহ খেতিৰ দ্বাৰা সহায় কৰি আহিছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই । চাহ খেতিৰ পৰা বছৰি প্ৰায় ২ লাখ টকা উপাৰ্জন কৰা মহাবিদ্যালয়খনে নিজাববীয়াকৈ 'গ্ৰীণ টী' উৎপাদন কৰি আৰ্থিকভাৱে টনকিয়াল হৈছে । বিশ্বৰ ভিতৰতে অসম হৈছে সৰ্বাধিক চাহ উৎপাদন কৰা ৰাজ্য । অসমত চৰকাৰী তথ্য অনুসৰি প্ৰায় ২৫০০ ক্ষুদ্ৰ চাহ বাগিচা আছে । ইয়াৰ ভিতৰতে এই মহাবিদ্যালয়ৰখনো অন্যতম ।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় (ETV Bharat Assam)

ক'ত আছে এই চৰকাৰী মহাবিদ্যালয়খন:

তেজপুৰ চহৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ আৰু বৰ্তমান চাৰিলেনযুক্ত পথৰ ৩০ কিলোমিটাৰ দূৰত্বত আছে এই মহাবিদ্যালয়খন । অসমৰ ৰাজধানীৰ পৰা প্ৰায় ২৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই মহাবিদ্যালয়খন হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় । বিগত ২০১৫ চনত চাহ খেতি আৰম্ভ কৰি অসমৰ ভিতৰতে একমাত্ৰ চৰকাৰী মহাবিদ্যালয় হিচাবে চিনাকি দিবলৈ সক্ষম হৈছে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে । মহাবিদ্যালয়খনে ২০১৫ চনত মাত্ৰ ১৪ বিঘা মাটিত এই চাহ খেতি আৰম্ভ কৰি ২০১৯ চনত পুনৰ ৮ বিঘা মাটি ক্ৰয় কৰাত ২২ বিঘালৈ বৃদ্ধি পায় । এই ৮ বিঘাত গ্ৰীণ টী উৎপাদন কৰা হৈছে ।

কিয় ছাত্ৰ-ছাত্ৰীয়ে ব্যস্ত থাকে:

মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ কাংক্ষিতা বৰা নামৰ ছাত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় ," ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়ত চাহপাত তুলি এক পাৰিতোষিক লাভ কৰে । ইয়াৰ পৰা যিসকল আৰ্থিকভাৱে দুৰ্বল সেই ছাত্ৰ-ছাত্ৰী সকলে লাভবান হয় । ই মহাবিদ্যালয়খনক আগবাঢ়ি যোৱাত সহায় কৰিছে ।" উত্তৰ অসমত বিভিন্ন বৃহৎ চাহ বাগিচাৰ সমান্তৰালভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা আছে ।

মহাবিদ্যালয়খন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত যদিও সমগ্ৰ নদুৱাৰ অঞ্চলটোৰ অতি ভিতৰুৱা ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ । বৰ্তমান প্ৰায় ১৬৭৯ গৰাকী কলা শাখাৰ ছাত্ৰ-ছাত্ৰী আৰু ৫৬৮ গৰাকী বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মুঠ ৬৩ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী আছে । জেৰিফা বেগম নামৰ আন এগৰাকী ছাত্ৰীয়ে কয়," আমি আজৰি সময়ত এই চাহ বাগিচাৰ মাজত পাত তুলিবলৈ আহো, এক ভাল লগা পৰিবেশ আৰু মনত শান্তি লাভ কৰো । শিক্ষাৰ ক্ষেত্ৰত লাভবান আৰু আমি আৰ্থিকভাৱে উপকৃত হওঁ ।"

কিয় চাহ বাগিচা আৰম্ভ :

চাহ বাগিচাৰ ধাৰণাটো আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনির্ভৰ ভাৰতৰ জৰিয়তে । মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ই এটা ব্যৱহাৰিক শিক্ষাৰ মাধ্যম হোৱাৰ লগতে নিজকে স্বাৱলম্বী কৰাৰ নিদৰ্শন বুলি উল্লেখ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই কয় ," মহাবিদ্যালয়খনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে চাহ বাগিচাৰ পাত তোলে তেওঁলোকে প্ৰতি কেজিত ১৫ টকাকৈ উপাৰ্জন কৰে । সকলো ছাত্ৰ-ছাত্ৰীয়ে এই পাত তুলিব বিচাৰে । মহাবিদ্যালয়ৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ- ছাত্ৰীক এই সুবিধা বিশেষভাৱে প্ৰদান কৰা হয় । বৰ্তমান সকলো ছাত্ৰ-ছাত্ৰীয়ে এই বাগিচাৰ পাত তুলিব বিচাৰে, কিন্ত আমি সকলোকে দিবহে পৰা নাই ।"

তেওঁ পুনৰ কয়," মহাবিদ্যালয়ত বৰ্তমান প্ৰায় ২৩ বিঘা মাটিত এই চাহ খেতি কৰা হৈছে । হাজৰিকাই কয়," অসম চৰকাৰে ঘোষণা কৰিছিল যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বছৰি উপাৰ্জন ২ টকাৰ তলত তেওঁলোকক মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰিব । কিন্তু বিনিময়ত তেওঁলোকে প্ৰত্যেকজনে এজোপাকৈ গছপুলি ৰোপণ কৰিব লাগিব । চৰকাৰৰ এই সিদ্ধান্তৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষকসকলে মহাবিদ্যালয়ত থকা ভূমিত চাহ খেতিৰ সিদ্ধান্ত গ্ৰহণ কৰে । এজোপা গছৰ পৰিৱৰ্তে চাহ গছৰ পুলি যোগান ধৰি প্ৰত্যেককেই পাঁচজোপা চাহ গছৰ পুলি ৰোপণ কৰাৰ দায়িত্ব প্ৰদান কৰে আৰু তিনি বছৰ ইয়াৰ চোৱাৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীক দিয়ে । এই প্ৰচেষ্টাৰ জৰিয়তে আজি মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী এই চাহ বাগিচাৰ পৰা উপকৃত হৈছে ।"

তেওঁ কয়," মহাবিদ্যালয়ৰ পৰা উৎপাদন কৰা গ্ৰীণ টী ২০২২ বৰ্ষৰ পৰা মুকলি কৰা হৈছে । সাধাৰণতে চাহ গছক এটি কলি দুটি পাত বুলি কোৱা হয় । কিন্ত গ্ৰীণ টীক মহাবিদ্যালয়ে এটি কলি এটি পাতেৰে প্ৰস্তুত কৰিছে । বৰ্তমান ১০০ গ্ৰাম আৰু ৫০ গ্ৰামৰ পেকেট বজাৰত উপলব্ধ হৈছে । প্ৰতি ১০০ গ্ৰামৰ দাম ২২৫ টকাৰ বিপৰীতে ৫০ গ্ৰামৰ দাম ১৩০ টকা ।" উল্লেখ্য় যে মহাবিদ্যালয়খনৰ চাহৰ লগতে বিভিন্ন ধৰণৰ খেতি আছে । এই খেতিৰ পৰা হোৱা উপাৰ্জন ছাত্ৰ- ছাত্ৰীৰ বিশ্ববিদ্যালয়ৰ মাচুল পঞ্জীয়নৰ সময়ত মহাবিদ্যালয়ে বহন কৰে ।

লগতে পঢ়ক:মৌ পালনৰে ছাত্ৰ-ছাত্ৰীক স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে অসমৰে এখন মহাবিদ্যালয়ে

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত বি এড কলেজৰ শুভাৰম্ভণী মুখ্যমন্ত্ৰীৰ

Last Updated : Dec 4, 2024, 7:32 PM IST

ABOUT THE AUTHOR

...view details