তেজপুৰ, 3 ফ্ৰেব্ৰুৱাৰী : আমেৰিকাৰ পৰা অসমলৈ আহি আইনৰ ৰোষত পৰিল দুই আমেৰিকাৰ নাগৰিক ৷ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে দুই আমেৰিকাৰ নাগৰিকক জৰিমনা বিহে তেজপুৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, যোৱা 1 ফেব্ৰুৱাৰীত পৰ্যটক হিচাপে অসমত প্ৰৱেশ কৰিছিল দুই আমেৰিকাৰ পৰ্যটকে ৷ কিন্তু তেজপুৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছনেৰী চিকিৎসালয়ত ধৰ্মীয় প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে দুই পৰ্যটকৰ বিৰুদ্ধে ৷ যাৰ বাবে তেজপুৰৰ কাছাৰীগাঁও আৰক্ষীয়ে দুই পৰ্যটকক 500 মাৰ্কিন ডলাৰ জৰিমনা বিহে ৷
শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনোৱা মতে, জন মেথিও ব’নে (Jon Matthew Boone) পাছপৰ্ট নম্বৰ 644539186 আৰু মাইকেল জেমেছ ফ্লিনচোম (Michael James Flinchum)পাছপৰ্ট নং 681022887 ৰে পৰ্যটকৰ ভিছাত ভাৰতলৈ আহিছিল ৷ কিন্তু 1 ফেব্ৰুৱাৰীত তেজপুৰৰ বেপ্টিষ্ট খ্ৰীষ্টান মিছন চিকিৎসালয়, মিছন চাৰিআলিৰ, তেজপুৰৰ কেম্পাছত অনুষ্ঠিত এখন ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ সেয়ে কাছাৰীগাঁও আৰক্ষীৰ জি ডি ই নং 03/2024 নম্বৰত গোচৰ ৰুজু কৰা হয় ৷