তেজপুৰ, ৬ এপ্ৰিল : উত্তৰ ছিক্কিমৰ চুংথাং-লাচুং পথৰ কাষত এখন পৰ্যটকৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ অসমৰ দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এই শুকাৱহ দুৰ্ঘটনাটো । বাহনখনত থকা আন পাঁচজন লোকক উদ্ধাৰ কৰি স্থানীয় এছটিএনএম চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হয় । তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জনোৱা হৈছে ।
নিহত লোককেইজন হৈছে তিনিচুকীয়া জিলাৰ দুৰ্গাবৰৰ কৃষব মোদী (১৩) আৰু গাড়ীখন চলাই থকা বুদ্ধিমান থাপা (৩৩)। থাপাৰ ঘৰ শোণিতপুৰৰ যদিও বৰ্তমান ছিক্কিমৰ মংগন জিলাত থাকে । ঘটনাটো সংঘটিত হৈছে মংগন জিলাত ৷ মুঠ ৭ গৰাকী পৰ্যটক কঢ়িয়াই অনা বাহনখন দুৰ্ঘটনাত পতিত হৈ আন ৫ জন লোক গুৰুতৰভাৱে আহত হয় ।
খবৰ অনুসৰি দুৰ্ঘটনাটোৰ পিচত লাচুং আৰু চুংথাং থানাৰ আৰক্ষী জোৱানসকলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ বাবেই ভুক্তভোগীসকলে তৎকালীনভাৱে মনোযোগ লাভ কৰে । দ্ৰুতগতিত জৰুৰী চিকিৎসাৰ বাবে চুংথাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় তেওঁলোকক ।