যোৰহাট, 17 ফেব্ৰুৱাৰী:গুৱাহাটীৰ নুনমাটিৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰীৰ নিৰুদ্দেশ হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ৰাজ্যত পুনৰ দুগৰাকী ছাত্ৰী নিখোঁজৰ ঘটনা পোহৰলৈ আহিছে । যোৰহাট মৰিয়নীৰ পৰা দুগৰাকীকৈ ছাত্ৰী নিখোঁজৰ খবৰ পোহৰলৈ আহিছে । চিন্তনীয় কথাটো হ’ল যে নিৰুদ্দেশ হোৱা এগৰাকী ছাত্ৰী চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, সোমবাৰৰ পৰা মৰিয়নীৰ নাগাজংকা কল্যাণপুৰৰ ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ আছে । পাঁচদিনে ছাত্ৰী দুগৰাকীৰ কোনো সন্ধান নোলোৱাত চিন্তাত পৰিছে অভিভাৱক আৰু পৰিয়ালবৰ্গ । জানিব পৰা মতে, সোমবাৰে দুই ছাত্ৰীয়ে একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল । তাৰ পিছৰে পৰা দুয়োৰে কোনো খবৰ পৰিয়ালে পোৱা নাই । ইয়াৰ পিছতেই ছাত্ৰী দুগৰাকী নিখোঁজ সন্দৰ্ভত দুয়োটা পৰিয়ালে মৰিয়নী আৰক্ষীক এজাহাৰ প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত দুই ছাত্রীৰ সম্ভেদ ওলোৱা নাই বুলি জানিব পৰা গৈছে ।