অসম

assam

ETV Bharat / state

মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে ? - NAGA MISCREANTS KIDNAPPED CASE

অপহৰণৰ ঘটনাৰ পাছতে অসম নাগালেণ্ডৰ মাজত সমন্বয় ৰক্ষা কৰাৰ চেষ্টা দুই ৰাজ্য চৰকাৰৰ । দুয়ো ৰাজ্যৰ প্ৰশাসনৰ আলোচনামৰ্মে সাময়িকভাৱে উঠাই লয় পথ বন্ধ কাৰ্যসূচী ।

Two state governments try to maintain coordination between Assam and Nagaland
মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 9:58 PM IST

মৰাণ:চৰকাৰে অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰি আন্তঃৰাজ্যিক সমস্যা সমাধানৰ বাবে চেষ্টা কৰা সময়তে অসম নাগালেণ্ডৰ সীমান্ত চৰাইদেউৰ নামতোলাত সংঘটিত অপহৰণকাণ্ডই দুই ৰাজ্যত থকা সমন্বয়ত আনিছে জটিলতা । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাই সোমবাৰে সন্ধিয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি এখন বগা ৰঙৰ টাটা চুম’ত অপহৰণ কৰে । ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । চি চি টিভিত বন্দী হৈছিল অপহৰণৰ সমগ্ৰ দৃশ্য । নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে ঘটিল এই অপহৰণকাণ্ড ৷

নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা এই ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে । নগা দুৰ্বৃত্তই ঘটনাৰ পাছতে অপহৃত মুছলেক আলীৰ ভিডিঅ'বাৰ্তা প্ৰেৰণ কৰি ড্ৰাগছ ব্যৱসায়ৰ লগত মুছলেক আলী জড়িত থকা বাবে এই অপহৰণ কৰা বুলি দাবী কৰিছিল । কিন্তু বৃহস্পতিবাৰে আন এটা ভিডিঅ' বাৰ্তা ৰাজহুৱা কৰি মুছলেক আলীৰ মুক্তিৰ বাবে ২৫ লাখ টকা দাবী কৰিলে নগা দুৰ্বৃত্তই । ইয়াৰ পাছতে জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠনৰ লগতে নামতোলাৰ ব্যৱসায়ী সন্থা ।

মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে ? (ETV Bharat Assam)

শুকুৰবাৰে মুছলেক আলীক মুক্তিৰ কৰি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে । অসমৰ ব্যৱসায়ীক অপহৰণৰ প্ৰতিবাদত পুৱা ৫ বজাৰ পৰা নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰি বন্ধ কৰি তুলিছিল যাতায়ত । পথ অৱৰোধৰ ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ সৈতে যাতায়ত । ইয়াৰ পাছতে দুই ৰাজ্যৰ প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হয় সমগ্ৰ ঘটনাক লৈ । চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অসমৰ দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হয় নাগালেণ্ডৰ প্ৰশাসন ।

অসম নাগালেণ্ডৰ দুয়ো ৰাজ্যৰ প্ৰশাসনৰ আলোচনা মৰ্মে সাময়িকভাৱে উঠাই লোৱা হৈছে নাগালেণ্ড পথ বন্ধ কাৰ্যসূচী:

অপহৃত মুছলেক আলীক মুক্তিৰ কৰি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে । ফলত হাহাকাৰ লাগে চৰাইদেউৰ নামতোলাত গাতে লাগি থকা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ম’ন জিলাত । বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈ পৰাত নামতোলাত উপস্থিত হয় নাগালেণ্ডৰ ম’ন জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল । আলোচনাত মিলিত হয় অসমৰ দল-সংগঠনৰ সৈতে । অসম নাগালেণ্ডৰ দুয়ো ৰাজ্যৰ প্ৰশাসনৰ আলোচনা মৰ্মে সাময়িকভাৱে উঠাই লোৱা হয় পথ বন্ধ কাৰ্যসূচী । শনিবাৰে পুৱা অপহৃত মুছলেক আলীক নিৰাপদে উদ্ধাৰ কৰাৰ লক্ষ্যৰে কন্যাক ইউনিয়নৰ সৈতে আলোচনাৰ অন্তত ঘোষণা কৰিব পৰৱৰ্তী কাৰ্যসূচী ।

মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে:

নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰা অসমৰ দল-সংগঠনৰ সৈতে আলোচনাত মিলিত হৈ অপহৃত মুছলেক আলীক উদ্ধাৰৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে নাগালেণ্ডৰ প্ৰশাসনে । এই কথা সংবাদ মাধ্যমত জনাইছে নামতোলা ৰাজহচক্ৰ বিষয়াই । বিষয়াগৰাকীয়ে কয়,"ৰাইজৰ সৈতে আলোচনা কৰি গম পাইছো মুছলেক আলীক নাগালেণ্ডৰ কিছু ব্যক্তিয়ে ইয়াৰ পৰা লৈ গৈছে তাৰ বাবে আজি পথ বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ পাছতে নাগালেণ্ডৰ প্ৰশাসনে নাগালেণ্ডৰ কন্যাক ইউনিয়নৰ সৈতে আলোচনা কৰি এই বিষয়ত এক সিদ্ধান্ত জনাৱাৰ আশ্বাস দিয়াৰ লগতে শনিবাৰে কন্যাক ইউনিয়নৰ প্ৰতিনিধিয়ে নামতোলালৈ আহি মুছলেক আলীৰ বৰ্তমান অৱস্থিতিৰ তথ্য দিব ।’’

নাগালেণ্ডৰ প্ৰশাসনে সহযোগিতা নকৰিলে পুনৰ হ'ব প্ৰতিবাদ:

নাগালেণ্ডৰ প্ৰশাসনৰ হৈতে আলোচনাত মিলিত হোৱাৰ পাছতেই নামতোলাত ব্যৱসায়ীক সন্থাৰ বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কয়,"নাগালেণ্ডৰ প্ৰশাসনৰ সৈতে আলোচনাত বহাৰ অন্তত পথ বন্ধ কাৰ্যসূচীত সাময়িকভাৱে উঠাই লোৱা হৈছে । শনিবাৰে পুবাই নাগালেণ্ডৰ কন্যাক ইউনিয়নৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হ'ব । যদি নাগালেণ্ডৰ প্ৰশাসন মুছলেক আলীক উদ্ধাৰ বাবে কোনো সহযোগিতা নকৰে পুনৰ হ'ব প্ৰতিবাদ ।"

লগতে পঢ়ক:অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ দুৰ্বৃত্তই

চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

কিয় অপহৃত মুছলেক আলী: অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাত দোষ স্বীকাৰ

ABOUT THE AUTHOR

...view details