শিলচৰ :কাছাৰত চাঞ্চল্য ৷ দেওবাৰে দিনৰ পোহৰতে শিলচৰ চহৰত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা । জানিব পৰা মতে, এই দুয়োটা ঘটনাই সংঘটিত হৈছে শিলচৰ চহৰৰ চদৰঘাট অঞ্চলত ।
প্ৰথম ঘটনা :ব্যস্ততাময় ৰাজপথত হঠাৎ লাগি হ’ল হুলস্থূল ৷ এদল উন্মত্ত লোকে আক্ৰমণ কৰে এগৰাকী লোকক ৷ ঘটনাটো সংঘটিত হৈছে চদৰঘাটৰ স্বামী বিবেকানন্দৰ মূৰ্তিৰ সম্মুখত । লগে লগে ঘটনাস্থলীত উপস্থিত হয় এগৰাকী যান-বাহন আৰক্ষীৰ লোক ৷ কিন্তু উন্মত্ত লোকে যেন কাৰোলৈ কেৰেপেই নকৰে ৷ অবৈধ বাংলাদেশী বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীৰ সন্মুখতে উপৰ্যুপৰি প্ৰহাৰ কৰে লোকজনক ৷
জানিব পৰা মতে, ভুক্তভোগী লোকজন হৈছে ইম্ফলৰ বাসিন্দা তথা মণিপুৰ আৰক্ষীত কৰ্মৰত কাইয়ুম আহমেদ খান ৷ কোনো কাৰণবশতঃ মণিপুৰৰ পৰা তেওঁ শিলচৰলৈ আহিছিল ৷ কিন্তু অবৈধ বাংলাদেশী বুলি সন্দেহত শিলচৰ চহৰৰ চদৰঘাট অঞ্চলৰ পৰা তেওঁক আটক কৰি ৭/৮ জনীয়া এটা দলে বেয়াকৈ মাৰপিট কৰে । পৰৱৰ্তী সময়ত এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত শিলচৰ সদৰ আৰক্ষী উপস্থিত হৈ ভুক্তভোগী লোকজনক উদ্ধাৰ কৰি থানালৈ লৈ যায় ।