তিনিচুকীয়া:তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বহু সৰু-বৰ ব্যৱসায়ীক আলফা স্বাধীনৰ নামত ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল । তিনিচুকীয়া আৰক্ষীয়ে তেনে কিছু অভিযোগ লাভ কৰাৰ পাছত আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে চলোৱা তদন্তৰ পাছত সোমবাৰে নিশা জিলাখনৰ দুগৰাকীকৈ লোকক আটক কৰাৰ লগতে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী ।
তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত স্থানীয় আৰক্ষী আৰু সেনাৰ সহযোগত চলোৱা অভিযানত ফিল’বাৰীৰ গুটিবাৰীৰ অপূৰ্ব মৰাণ (৩০) আৰু মুক্তি মৰাণ (৩৩) ক আটক কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে জানিবলৈ দিয়া অনুসৰি, তিনিচুকীয়া জিলাৰ ডুমডুমা আৰু ফিল’বাৰীৰ কেইবাজনো ব্যৱসায়ীক ভয়-ভাবুকিৰে আলফা স্বাধীনৰ নাম সম্বলিত পত্ৰত ধন দাবী কৰিছিল এই দুই যুৱকে । আৰক্ষীয়ে দুই যুৱকক কৰায়ত্ব কৰাৰ সময়ত আলফা স্বাধীনৰ পেডসহ কেইবাখনো ধন দাবী পত্ৰ জব্দ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে অপূৰ্ব মৰাণ আলফা স্বাধীনৰ এগৰাকী আত্মসমৰ্পণকাৰী সদস্য আছিল ।