অসম

assam

ETV Bharat / state

বাংলাদেশীৰ সন্দেহত দুজনক প্ৰহাৰ - Attack in suspect of Bangladeshi - ATTACK IN SUSPECT OF BANGLADESHI

Atrocious incident in Cachar: কাছাৰত দুজন লোকক আক্ৰমণৰ ভয়ংকৰ ঘটনা ৷ বাংলাদেশী বুলি সন্দেহ কৰি দুজন লোকক প্ৰহাৰ এটা দলৰ ৷ বজৰং দলৰ সদস্যৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ ৷

ATTACK IN SUSPECT OF BANGLADESHI
বাংলাদেশীৰ সন্দেহত দুজনক প্ৰহাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 7:00 PM IST

শিলচৰ, 9 আগষ্ট: বৰাক উপত্যকাৰ কাছাৰ জিলাত চাঞ্চল্যকৰ ঘটনা ৷ বাংলাদেশীৰ সন্দেহত মাৰপিট দুই নিৰীহ লোকক ৷ শিলচৰৰ তাৰাপুৰ শিৱবাৰীত সংঘটিত হৈছে এই ঘটনা ৷ আক্ৰমণকাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে আফতাবুদ্দিন আৰু ৰাহুল শেখ নামৰ দুজন লোক ৷ বজৰং দলৰ সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে আক্ৰমণৰ অভিযোগ ৷

বাংলাদেশীৰ সন্দেহত কাছাৰত দুজনক প্ৰহাৰ (ETV Bharat Assam)

উল্লেখ্য যে আফতাবুদ্দিনৰ ঘৰ কাছাৰ জিলাৰ কাটিগড়াৰ শিৱ নাৰায়ণপুৰত আৰু ৰাহুল শেখ পশ্চিম বংগৰ উত্তৰ 24 পৰগণা জিলাৰ বাসিন্দা ৷ কোনো কামত তাৰাপুৰ শিৱবাৰী অঞ্চললৈ আহিছিল আফতাবুদ্দিন আৰু ৰাহুল শেখ ৷ সেই সময়তে এটা দলে আক্ৰমণ চলায় তেওঁলোকৰ ওপৰত ৷ বাংলাদেশী বুলি সন্দেহ কৰি তেওঁলোকক আক্ৰমণ কৰা বুলি ভুক্তভোগীয়ে জনাইছে ৷

এই ঘটনা প্ৰত্যক্ষ কৰি কেইজনমান স্থানীয় লোকে আক্ৰমণকাৰীৰ কবলৰ পৰা দুয়োকে উদ্ধাৰ কৰি চমজাই দিয়ে আৰক্ষীক ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷

ৰাহুল শ্বেখ নামৰ পশ্চিম বংগৰ লোকজনে শিলচৰত ৰাজমিস্ত্ৰিৰ কাম কৰে । দীৰ্ঘদিনৰ পৰা শিলচৰ আশ্ৰমৰোডত ভাৰাঘৰত বাস কৰিছিল তেওঁ । আনহাতে কাটিগড়াৰ শিৱ নাৰায়ণপুৰ অঞ্চলৰ আফতাবুদ্দিন মছজিদৰ ইমাম বুলি জানিব পৰা গৈছে ।

আফতাবুদ্দিনে জনোৱা মতে, তেওঁৰ হাতত কিছু আৰৱীয়ান ধন আছিল যিখিনি ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰ কৰাৰ বাবে সহায় বিচাৰিছিল ৰাহুল শ্বেখৰ পৰা ৷ সেই সূত্ৰেই শুকুৰবাৰে দুয়ো শিৱবাৰীত লগ হৈছিল ৷ সেই সময়তে তেওঁলোকক বাংলাদেশৰ নাগৰিক বুলি সন্দেহ প্ৰকাশ কৰি এটা দলে মাৰপিট কৰে ৷

লগতে পঢ়ক:নগাঁও আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক: গৰু কিনিবলৈ আহিছিল গোপনে সীমা পাৰ হৈ - Bangladeshi arrested

ABOUT THE AUTHOR

...view details