গুৱাহাটী:এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত ৰাজ্যত চাকৰিৰ বজাৰ পতাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযুক্ত । ধৃত দুজন হৈছে দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এই দুই নেতাই সংগ্ৰহ কৰিছিল লাখ লাখ টকা । টকা বিচাৰি ফোন কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল ।
ঘটনা সন্দৰ্ভত পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ড৹ শংকৰ জ্যোতি নাথে সংবাদ মাধ্যমৰ আগত কয়, "দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ মুৰব্বীয়ে চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি ৮ ফেব্ৰুৱাৰীত জনৈক কলিতা নামৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত তদন্ত কৰি বহু তথ্য পোৱাত এটি গোচৰ ৰুজু কৰো । এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা বৰাগাঁৱৰ পৰা ছেমিম আহমেদ আৰু নৱজিত বৰ্মনক গ্ৰেপ্তাৰ কৰা হয় । লগতে এখন নতুন স্ক'ৰপিঅ' বাহনো জব্দ কৰা হৈছে । ঘটনাটোৰ তদন্ত অব্যাহত আছে ।"
আনহাতে পাণবজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত ছেমিম আহমেদ আৰু নৱজিত বৰ্মনে সংবাদ মাধ্যমৰ আগত কয়, "আমাক ফচোৱা হৈছে । ওপৰত ডাঙৰ ডাঙৰ মানুহ আছে । যিবোৰ অডিঅ' ভাইৰেল হৈছে সেইবোৰ সকলো মিছা । আমাৰ ওপৰত বহুত মানুহ আছে । ডাঙৰ ডাঙৰ নেতা আছে ।"