গুৱাহাটী:দেশৰ বিভিন্ন স্থানত বৃহৎ কূটাঘাত সংঘটিত কৰাৰ ষড়যন্ত্রৰে কাম কৰা দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী । জেহাদীৰ বিৰুদ্ধে চলিত মাহতে হোৱা অভিযানৰ পাছত পুনৰ মঙলবাৰে নিশা অভিযান চলাই অসম আৰক্ষীয়ে উৎখাত কৰিলে জেহাদীৰ আন এটা চক্ৰ । 'অপাৰেচন 'প্ৰঘাত'ৰ অধীনত অসম আৰক্ষীৰ এছ টি এফে যোৱানিশা কোকৰাঝাৰৰ নামাপাৰাত কোকৰাঝাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই বহু বিস্ফোৰকসহ দুই জেহাদীক গ্ৰেপ্তাৰ কৰে ।
ধৃত দুই জেহাদী বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুল্লাহ বাংলা টীম’ৰ সদস্য। এই দুই জেহাদীয়ে সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে কাম কৰি আছিল । অসম আৰক্ষীয়ে যোৱানিশা গ্ৰেপ্তাৰ কৰা দুই জেহাদী হৈছে কোকৰাঝাৰৰ নামাপাৰাৰ আব্দুল জাহিৰ শ্বেইখ আৰু চেৰফাংগুৰিৰ চাব্বিৰ মিৰ্ধা ।
বুধবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু আই জি পি ড৹ পাৰ্থসাৰথি মহন্তই এই কথা প্ৰকাশ কৰাৰ উপৰি আৰু বহুকেইটা বিস্ফোৰক তথ্য সদৰী কৰে ।
জব্দ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰ:
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয়,"সমগ্ৰ দেশতে জাল বিয়পাবলৈ চেষ্টা কৰা ৮ টাকৈ জেহাদীক ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা অভিযান চলাই দুই জেহাদীক গ্ৰেপ্তাৰ কৰা হয় । এই দুই জেহাদীয়ে দেশত বৃহৎ কূটাঘাত কৰাৰ ষড়যন্ত্র কৰিছিল । তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ এক বৃহৎ ভাণ্ডাৰ আৰু যুদ্ধত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।
তেওঁলোকৰ পৰা চাৰিটা হস্তনিৰ্মিত ৰাইফল (দেখাত এ কে ৰাইফলৰ দৰে), 34 ৰাউণ্ড সজীৱ গোলাবাৰুদ, ২৪ ৰাউণ্ড খালী কাৰ্টিজ, কৰ্টেক্সৰ সৈতে এযোৰ লাইভ আন-প্ৰাইমড আই ই ডি, এটা বিস্ফোৰকেৰে নিৰ্মিত গ্ৰেনেড, কৃষি সঁজুলিৰ পৰা তৈয়াৰ কৰা ডিট'নেটৰৰ এটা বৰ্তনী, ১৪ টা ইলেক্ট্ৰনিক চুইচ, ২০টা লোৰ টুকুৰা আৰু প্লেটৰ সৈতে আই ই ডি তৈয়াৰ কৰাৰ বাবে তিনিটা লোৰ কেচ (সৰ্বাধিক ক্ষতি/ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয়), ফায়াৰ ক্ৰেকাৰত ব্যৱহৃত বিস্ফোৰকৰ সৈতে বৃহৎসংখ্যক চুইচ আৰু তাঁৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে ।"
তেওঁ লগতে কয় যে মঙলবাৰৰ নিশাৰ অভিযানৰ দ্বাৰা অসম আৰক্ষীয়ে সন্ত্রাসবাদৰ এটা ডাঙৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হয় । এই অভিযানৰ নেতৃত্ব দিছিল এছ টি এফ অসমৰ মুৰব্বী ড৹ পাৰ্থসাৰথি মহন্তই ।