গোলাঘাট, 25 এপ্ৰিল :ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ সফলতা ৷ বুধবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি দেৰগাঁও আৰক্ষী থনাৰ অন্তৰ্গত ৰঙামাটি টোলগেটত ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ গোলাঘাটৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটা দলে AS 05 N 0175 নম্বৰৰ চাৰিচকীয়া বাহনখনত তালাচী চলাই সৰবৰাহকাৰীসহ 22 টা চাবোনৰ বাকচত 263.79 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে গোলাঘাট শালমাৰা টুপৰ 25 বছৰীয়া মহম্মদ আৰু ৰঙাজান চাহ বাগিচাৰ 27 বছৰীয়া জিছকেল চান্দ বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
সৰবৰাহকাৰী দুটাই অতি কৌশলেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ এই অভিযানত গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকা, দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বৃহৎ আৰক্ষীৰ দলে সহযোগ কৰে ৷