অসম

assam

ETV Bharat / state

সাক্ষাৎকাৰৰ পিছত চুমীৰ বিৰুদ্ধে অভিযোগ, থানালৈ অহা-যোৱা ডিজিটেল ক্ৰীয়েটৰৰ - Online Trading Scam - ONLINE TRADING SCAM

Bishal Sumi trading scam allegation : জেৰাৰ সন্মুখীন হ’ল দুই ইউটিউবাৰ তথা পডকাষ্টাৰ ৷ জেৰাৰ পাছত কি ক’লে অৱয়ব ভূঞা, হিমাশ্ৰী শইকীয়া আৰু চক্ৰপাণি পৰাশৰে ? কি কি প্ৰশ্ন কৰিলে তদন্তকাৰী বিষয়াই ?

Bishal Sumi trading scam allegation
ডিব্ৰুগড় সদৰ থানাত অৱয়ব ভূঞা আৰু হিমাশ্ৰী শইকীয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 5:54 PM IST

Updated : Sep 28, 2024, 9:20 PM IST

ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ : ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত হৈ বিশাল ফুকন আৰু চুমী বৰা জেৰাৰ সন্মুখীন হৈ আছে ডিব্ৰুগড় আৰক্ষীৰ লগতে CIDৰ ৷ ইফালে চুমী বৰাৰ লগতে এই কেলংকাৰীত অভিযুক্তৰ সাক্ষাৎকাৰ লৈ বিপদত পৰিছে ইউটিউবাৰো ৷ শনিবাৰৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ অহা-যোৱা আৰম্ভ হৈছে ইগৰাকীৰ পিছত সিগৰাকী ইউটিউবাৰ, পডকাষ্টাৰ ৷ আজি জেৰাৰ সন্মুখীন হয় তিনি ইউটিউবাৰ ক্ৰমে অৱয়ব ভূঞা, হিমাশ্ৰী শইকীয়া আৰু চক্ৰপাণি পৰাশৰ ৷

অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্তৰ সাক্ষাৎকাৰ লৈ শনিবাৰে ডিব্ৰুগড় আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ল তিনি পডকাষ্টাৰ ৷ The Truthৰ অন্যতম প্ৰতিষ্ঠাপক অৱয়ব ভূঞাক ডিব্ৰুগড় সদৰ থানালৈ কৰা হয় তলব ৷ বিশাল ফুকনৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চি আই ডিয়ে তলব কৰে অৱয়ব ভূঞাক ৷ আনহাতে ডিব্ৰুগড় সদৰ থানাত আজিৰ দিনটোতে জেৰাৰ সন্মুখীন হ’ল JSS নামৰ ইউটিউব চেনেলটোৰ গৰাকী হিমাশ্ৰী শইকীয়া ৷

ডিব্ৰুগড় সদৰ থানালৈ অহা-যোৱা ডিজিটেল ক্ৰীয়েটৰৰ (ETV Bharat Assam)

হিমাশ্ৰীক প্ৰায় আধাঘন্টা সোধা-পোছা কৰে বিশাল ফুকন গোচৰৰ তদন্তকাৰী বিষয়াই ৷ উল্লেখ্য যে প্ৰায় ৯ মাহ পূৰ্বে চুমী বৰাৰ সৈতে পডকাষ্ট কৰিছিল হিমাশ্ৰী শইকীয়াই ৷ ঠিক তেনেদৰে অৱয়ব ভূঞায়ো চুমীক লৈ পডকাষ্ট কৰিছিল । সেই সম্পৰ্কে আজি দুয়োগৰাকীৰ পৰা তথ্য জনাৰ বাবে বিশাল-চুমী গোচৰৰ তদন্তকাৰী বিষয়া তথা তদন্তৰ বাবে গঠন হোৱা SITৰ অন্যতম সদস্য শ্বিজল আগৰৱালে হিমাশ্ৰী আৰু অৱয়ব ভূঞাক সোধা-পোছা কৰে ৷

জেৰাৰ সন্মুখীন হৈ কি কয় অৱয়ব ভূঞাই ?

জেৰাৰ সন্মুখীন হোৱাৰ পিছত অৱয়ব ভূঞাই কয়, ‘‘এটা ধাৰণা আৰম্ভ হৈছিল যে পডকাষ্ট কেৱল প্ৰম’শ্যনৰ বাবে কৰা হয় । চুমী বৰাক কেনেকৈ কিয় পডকাষ্ট কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল সেই কথা জানিবলৈ আজি ইয়ালৈ মাতিছিল । আৰক্ষীয়ে সকলো কথা ৰেকৰ্ড কৰিছে । এতিয়াৰে পৰা পডকাষ্ট যে কেৱল প্ৰম’শ্যনৰ বাবে নহয় সেই কথা সকলোৱে জানিব বুলি ভাবিছো ৷ মোৰ লগত হোৱা পডকাষ্টত কেৱল চুমী বৰাৰ বিয়াৰ কথা আলোচনা কৰা হৈছিল । অনলাইন ট্ৰেডিঙৰ কথা আলোচনা কৰা হোৱা নাছিল ৷’’

আৰক্ষীৰ জেৰাৰ পাছতেই প্ৰতিক্ৰিয়া হিমাশ্ৰী শইকীয়াৰ :

হিমাশ্ৰী শইকীয়াই কয়, ‘‘চুমী বৰাৰ লগত পডকাষ্ট কৰিছিলো ৷ সেই বিষযে সুধিছে । কেতিয়া পডকাষ্ট কৰিছা, কিমান সময় কৰিছিলা, কিবা ফাইনেন্সিয়েল কথা কৈছিল নেকি সেই বিষয়ে সুধিছিল । চুমী বৰাৰ সৈতে বহু আগৰে পৰাই যোগাযোগ কৰিছিলো । যিহেতু তেওঁ নাচে আৰু সাংস্কৃতিকভাৱে সক্ৰিয়, সেই সূত্ৰে বিয়াৰ পূৰ্বে পডকাষ্টলৈ মাতিছিলো । চুমী বৰাৰ জীৱনৰ কথাহে পাতিছিলো পডকাষ্টত ।’’

চক্ৰপাণি পৰাশৰে কি ক’লে ?

জেৰাৰ সন্মুখীন হোৱাৰ পিছত চক্ৰপাণি পৰাশৰে কয়, ‘‘মোৰ ফালৰ পৰা যিখিনি তথ্য দিবলগীয়া আছিল সকলোখিনি দিছো । পাৰ্চেলিয়া কোম্পানীৰ শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগতে ডাক্তৰ ডে’ৰ দিনা অনুষ্ঠানত মই উপস্থিত আছিলো ৷ সেই সকলো তথ্য দিছো । চুমী-বিশালৰ লগত মোৰ কি সম্পৰ্ক, কেনেকৈ তেওঁলোকক চিনি পাওঁ সকলো সুধিছিল, সকলো তথ্য মই দিছো । দুজন বিষয়াই মোক কথাবিলাক সুধিছিল । দুয়োটা অনুষ্ঠানৰ যি ভিডিঅ’ আছিল, মই লৈ আহিছিলো । চুমীৰ ভাতৃ ৰাজীৱে পাৰ্চেলিয়াৰ অনুষ্ঠানলৈ মুখ্য অতিথি হিচাপে মাতিছিল মোক । অহা-যোৱা, থকাৰ ব্যৱস্থা কৰি দিছিল ৷ অন্য কোনো টকা লোৱা হোৱা নাছিল । মানুহ চিনি পোৱাত ভুল হ'ল, এতিয়াৰে পৰা সাৱধান হ'ব লাগিব ।’’

লগতে পঢ়ক :অনলাইন ট্ৰেডিং গোচৰত দুই জনপ্ৰিয় Youtuber-লৈ চি আই ডিৰ চমন

কেতিয়াবা থানা আকৌ জেল; চুমি, তাৰ্কিক, বিশালৰ এই সময়বোৰ

এইবাৰ একেলগে জেৰাৰ সন্মুখীন হ'ব বিশাল, চুমী আৰু তাৰ্কিক

Last Updated : Sep 28, 2024, 9:20 PM IST

ABOUT THE AUTHOR

...view details