অসম

assam

ETV Bharat / state

তিনিচুকীয়াত একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

Devastating fire in Tinsukia: দুটা পৃথক পৃথক অগ্নিকাণ্ডত বুধবাৰে চাৰিটাকৈ বাসগৃহ ভস্মীভূত হয় তিনিচুকীয়াত ৷ এটা অগ্নিকাণ্ড দিনৰ ভাগতেই সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়টো সংঘটিত হয় নিশা প্ৰায় ৮ বজাত ৷

অগ্নিকাণ্ড
Devastating fire in Tinsukia

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 10:49 PM IST

তিনিচুকীয়াত একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী: বুধবাৰে তিনিচুকীয়াত দুটাকৈ সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ প্ৰথমটো অগ্নিকাণ্ড দিনৰ ভাগতেই তিনিচুকীয়াৰ বৰদলৈ নগৰত সংঘটিত হয় । লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰৰ সমীপৰৰ এটা বাসগৃহৰ ভাড়াঘৰত অগ্নিকাণ্ডটো সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত দুটাকৈ ভাড়াঘৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ।

উক্ত ভাড়াঘৰৰ গৃহস্থ পুৱা ভাগতেই নিজ কৰ্মৰ বাবে গন্তব্যস্থানলৈ যায় আৰু তাৰ পিছতেই ৰন্ধন গেছৰ চিলিণ্ডাৰ বিষ্ফোৰণ ঘটে ঘৰটোত । স্থানীয় লোকে জুই প্ৰত্যক্ষ কৰাৰ পিছত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিন্তু অগ্নিনিৰ্বাপকক বাহিনীৰ গাড়ী সময়মতে উপস্থিত নোহোৱাত স্থানীয় লোকসকলে নিজা প্ৰচেষ্টাৰে অগ্নিনিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে জুইত সম্পূৰ্ণৰূপে জাহ যায় যাৱতীয় নথি-পত্ৰ আৰু বহু লক্ষাধিক টকাৰ সা-সম্পত্তি । স্থানীয় লোকসকলে অগ্নি নিৰ্বাপিত কৰাৰ বহু সময়ৰ পিছতহে অগ্নিনিৰ্বাপকক বাহিনী ঘটনাস্থলীত উপস্থিত হয় ।

আনহাতে, পুনৰ নিশা প্ৰায় ৮ বজাত তিনিচুকীয়াৰ তিনিকোণীয়া IOC ৰে’ল গেটৰ সমীপৰ বাসগৃহত সংঘটিত হয় দ্বিতীয়টো বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডটো ইমানেই বিধ্বংসী যে ক্ষন্তেকতেই জুই বিয়পি পৰিছে একাধিক বাসগৃহলৈ ৷ পৰৱৰ্তী সময়ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ স্থানত ততাতৈয়াকৈ তিনিচুকীয়াৰ অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ ঘণ্টাজোৰা চেষ্টা চলোৱাৰ পাছত অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

কিন্তু নৱনীতা আগৰৱাল আৰু বিনয় বাৱাৰ বাসগৃহ সম্পূৰ্ণৰূপত জুইত যাহ যোৱাৰ লগতে পৱন জৈন নামৰ লোকজনৰ বাসগৃহটোৰো ক্ষতিসাধন হয় । অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল অথবা কিমান টকাৰ সা-সম্পতি নষ্ট এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক:আশ্চৰ্যজনকভাৱে ৰাজ্যত দুবছৰত নিৰুদ্দেশ ৩৭৭৯ টি শিশু

ABOUT THE AUTHOR

...view details