নলবাৰী, 8 মে’:ভূমি বিবাদৰ চৰম পৰিণতি ৷ এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত চৰম সংঘাত ৷ নলবাৰী জিলাৰ মুকালমুৱাৰ 3 নং কান্ধবাৰীত দুই ভাতৃৰ মাজত সংঘটিত হয় ভূমি বিবাদৰ ঘটনা । এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুই ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । এই মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে মুঠ 8 গৰাকী লোক আহত হয় বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, 3 নং কান্ধবাৰীৰ হানিফ আলী আৰু লালমামুদ আলী নামৰ দুই ভাতৃৰ মাজত পূৰ্বৰে পৰা ভূমি বিবাদ চলি আছিল । বুধবাৰে এটা পুখুৰীৰ পাৰ কাটি দিয়াক কেন্দ্ৰ কৰি দুয়ো ভাতৃৰ পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । মাৰপিটৰ ঘটনাত দুয়োটা পৰিয়ালৰে 8 গৰাকী লোক গুৰুতৰভাবে আহত হয় । আহতসকল হ’ল লালমামুদ আলী, হাইদ আলী, জেহেৰুল আলী, হানিফ আলী, ভইলা খাতুন, বাহৰুল ইছলাম, মৰণ আলী আৰু কৰম আলী ।