আগৰতলা :নাবালিকা ধৰ্ষণৰ এক ঘটনাক লৈ কঠোৰ ত্ৰিপুৰা মানৱ অধিকাৰ আয়োগ । নাবালিকা ধৰ্ষণ গোচৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা তদন্তৰ প্ৰতিবেদন বিচাৰিছে আয়োগে আৰু ১৩ জানুৱাৰীৰ ভিতৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এন এইচ আৰ চি) ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । ত্ৰিপুৰাৰ মানৱ অধিকাৰ আয়োগে তামিলনাডুৰ এজন বাসিন্দাৰ পৰা এই সন্দৰ্ভত এক অভিযোগ লাভ কৰিছিল । লোকজনে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সম্বোধন কৰি অভিযোগটো দাখিল কৰিছিল ।
১৩ জানুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধানে দিব লাগিব প্ৰতিবেদন
ত্ৰিপুৰা মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনত কোৱা হৈছে,"সেই ই-মেইলত এন এইচ আৰ চিক ত্ৰিপুৰাত এগৰাকী নাবালিকাক অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ অনুৰোধ জনোৱা হৈছিল । ই-মেইলত দেখুওৱা হৈছে যে ঘটনাটো ১৩ ডিচেম্বৰত দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবজাৰত সংঘটিত হৈছিল আৰু সেইক্ষেত্ৰত, এগৰাকী নাবালিকাক তেওঁৰ ঘৰৰ ওচৰৰ পৰা দুজন লোকে অপহৰণ কৰি লৈ গৈছিল আৰু দলবদ্ধ ধৰ্ষণ কৰিছিল ।"