অসম

assam

চৰকাৰে মূল্যবৃদ্ধিৰে জনসাধাৰণক কেঁকোৰা চেপা দি আহিছে : ৰিপুণ বৰা - TMC PROTEST AGAINST TARIFF HIKE

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 6:39 PM IST

TMC Protest Against Price Hike: বৰ্দ্ধিত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ পাচত এইবাৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল । ভূতৰ ওপৰত দানহ পৰা দি আকৌ বৃদ্ধি হ'ল ৰিচাৰ্জ প্লেনৰ দাম । এনে সময়তে গৰজি উঠিছে ৰাজ্যৰ দল-সংগঠন । বিদ্যুৎ আৰু মোবাইল ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠে তৃণমূল কংগ্ৰেছ ।

Trinamool Congress protest against tariff hike in electricity and recharge plan in Guwahati
বিদ্যুতৰ আৰু ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী,২৯ জুন:অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি তোলাৰ সময়তেই চৰকাৰৰ দ্বাৰা পুনৰবাৰ আৰোপিত বৰ্দ্ধিত বিদ্যুৎ মাচুলে ৰাইজৰ মূৰত আন এক মাধমাৰ সোধাইছে । সেয়েহে ইয়াৰ বিৰুদ্ধে শনিবাৰে অসম তৃণমূল কংগ্ৰেছ দলে বিদ্যুতৰ মাচুলৰ অস্বাভাৱিক বৃদ্ধি আৰু মোবাইল ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । দলৰ সভাপতি ৰিপুণ বৰাৰ সৈতে প্ৰায় শতাধিক দলীয় কৰ্মীয়ে বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবী তথা শাসকীয় বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ।

বিদ্যুতৰ আৰু ৰিচাৰ্জ প্লেনৰ দাম বৃদ্ধিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ (ETV Bharat Assam)

এই সন্দৰ্ভত দলৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমক সম্বোধন কৰি কয়, "এই চৰকাৰখনে ব্যাপক কৰ বৃদ্ধি আৰু বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জনসাধাৰণক কেঁকোৰা চেপা দি আহিছে । দেশৰ বিকাশ তথা প্ৰগতিৰ কথা কোৱা এই চৰকাৰখনে প্ৰতি মূহুৰ্ততে সাধাৰণ জনতাক কেৱল কৰ সংগ্ৰহৰ আহিলাৰূপে ব্যৱহাৰ কৰিছে । এয়া সম্পূৰ্ণৰূপে জনবিৰোধী কাৰ্যপন্থা । স্বৈৰাচাৰী বিজেপিয়ে নিৰ্বাচনী লাভালাভৰ অংকত নিৰ্বাচনৰ সময়ত বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰাৰ ফলত এতিয়া সেই ঋণ পৰিশোধৰ বাবেই বিভিন্ন সামগ্ৰীত অভাৱনীয়ভাৱে কৰ বৃদ্ধি কৰিব বিচাৰিছে । এয়া সম্পূৰ্ণৰূপে জনবিৰোধী আৰু আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো ।"

উল্লেখ্যযোগ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পিচতেই জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাও অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্যনিৰ্বাহক সভাত বিগত লোকসভা নিৰ্বাচনত অসম তৃণমূল কংগ্ৰেছ দলৰ ফলাফলৰ পৰ্য্যালোচনা আৰু সাংগঠনিক বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ।

ABOUT THE AUTHOR

...view details