অসম

assam

ETV Bharat / state

চাৰি শ্বহীদৰ প্ৰতিমূৰ্তি দুলীয়াজানত নিৰ্মাণ কৰাৰ সিদ্ধান্ত আছুৰ - SWAHID DIVAS

অসম আন্দোলনৰ তেল অৱৰোধ কাৰ্যসূচীত অংশ লৈ শ্বহীদ হোৱা ৪ অসমীয়ালৈ শ্ৰদ্ধাঞ্জলি । দুলীয়াজানত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস পালন ।

Tributes paid to four martyrs martyred during Assam Movement's oil blockade programme
চাৰি শ্বহীদৰ প্ৰতিমূৰ্তি দুলীয়াজানত নিৰ্মাণৰ সিদ্ধান্ত আছুৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 7:01 PM IST

ডিব্ৰুগড়:অসম আন্দোলন বুলিলেই অসমৰ এখন সংগ্ৰামী ইতিহাসৰ ছবি প্ৰতিজন অসমীয়াৰ মানসপটত ভাঁহি আহে । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনৰ তেজৰঙা ইতিহাসক আজি প্ৰতিজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । এই সৰ্ববৃহৎ আন্দোলনৰ ফলাফলক লৈ বিভিন্ন সময়ত আলোচনা-পৰ্যালোচনা হৈ আহিছে যদিও এই আন্দোলনৰ ফলতে অসমীয়াই হেৰুৱাইছিল সেই সময়ৰ বহু চফল ডেকা ।

অসম আন্দোলনৰ ভৰপক সময়ত ১৯৮০ চনৰ ১৮ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই অসম আন্দোলনৰ অংশ বিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল । এই তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদ হৈছিল ক্ৰমে নৃপেন বড়া, কুমুদ গগৈ, অজিত নেওগ আৰু নগেন ডেকা । সেই সময়ত চৰকাৰৰ আৰক্ষী আৰু সেনাৰ অত্যাচাৰত এই চাৰিজন অসমীয়া ডেকাই প্ৰাণ হেৰুওৱাৰ লগতে বহু আন্দোলনকাৰী আহত হ'ব লগা হৈছিল । ১৯৮০ চনৰ ১৮ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই প্ৰাণ হেৰুওৱা শ্বহীদসকলক শ্ৰদ্ধাৰে সুঁৱৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে শ্বহীদ দিৱস অনুষ্ঠিত কৰি আহিছে ।

চাৰি শ্বহীদৰ প্ৰতিমূৰ্তি দুলীয়াজানত নিৰ্মাণৰ সিদ্ধান্ত আছুৰ (ETV Bharat Assam)

চাৰিওজন শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰিলে আছুৱে:

দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা নৃপেন বড়া, কুমুদ গগৈ, অজিত নেওগ আৰু নগেন ডেকাক প্ৰতিবছৰৰ দৰে এইবাৰো শ্ৰদ্ধাৰে সুঁৱৰিলে আছুৱে । দুলীয়াজানৰ পিপল তলত থকা শ্বহীদ বেদীত আজিৰ দিনটোত চাৰিওজন শ্বহীদক শ্ৰদ্ধাৰে সুঁৱৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই । শ্বহীদ দিৱসৰ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ উপৰি শ্বহীদ পৰিয়ালৰ লোকসকল উপস্থিত থাকে ।

পুৱা শ্বহীদ বেদীস্থলীত পতাকা উত্তোলন কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰাই । সমান্তৰালভাৱে শ্বহীদ বেদীৰ কাষতে থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছত চাৰিওগৰাকীৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে শ্বহীদ পৰিয়ালৰ লগতে বহু কেইগৰাকী গণ্য-মান্য ব্যক্তিয়ে ।

শ্বহীদৰ প্ৰতিমূৰ্তি দুলীয়াজানত নিৰ্মাণৰ সিদ্ধান্ত:

শ্বহীদ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰূপজ্যোতি বৰঠাকুৰে তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা চাৰি শ্বহীদক শ্ৰদ্ধা জনাই কয়, "শ্বহীদসকলে কৰি যোৱা ত্যাগৰ বাবে আজি নতুন প্ৰজন্মই নিজৰ কাম সুস্থভাৱে কৰি যাবলৈ সক্ষম হৈছোঁ । অসম আন্দোলনৰ ফলত প্ৰস্তুত হোৱা অসম চুক্তি আজিও চৰকাৰে কাৰ্যকৰী নকৰি শ্বহীদসকলক অপমানিত কৰি আহিছে । অসম চুক্তিৰ যি দফা আছিল সেইসমূহ কাৰ্যকৰী কৰিবলৈ দাবী জনাইছোঁ ।"

লগতে তেল অৱৰোধ কৰিবলৈ আহি দুলীয়াজানত প্ৰাণ হেৰুওৱা চাৰিওজন শ্বহীদৰ প্ৰতিমূৰ্তি দুলীয়াজানত নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে জিলাৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কি ৰণনীতি অজাপৰ ? - PANCHAYAT POLL

বিজ্ঞাপনৰ জৰিয়তে প্ৰায় ৩.৫ কোটিৰ ৰাজহ সংগ্ৰহ NF ৰে'লৱেৰ - NORTHEAST FRONTIER RAILWAY

ABOUT THE AUTHOR

...view details