অসম

assam

ETV Bharat / state

ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষকলৈ শ্ৰদ্ধাঞ্জলি - TEACHER STABBED TO DEATH

Student killed teacher: শিৱসাগৰৰ সাই বিকাশ একাডেমীত ছাত্ৰৰ আক্ৰমণত নিহত বিজ্ঞান বিভাগৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বীক স্মৰণ ।

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:18 PM IST

Student killed teacher
সাই বিকাশ একাডেমী (ETV BHARAT ASSAM)

শিৱসাগৰ, ৮ জুলাই : শিৱসাগৰত শ্ৰেণী কোঠালীত পাঠদানৰ মাজতেই এজন ছাত্ৰৰ ছুৰিকাঘাতত শেষনিশ্বাস ত্য়াগ কৰা ৰাজেশ বাবু বিজোৱাৰাৰ স্মৃতিত সোমবাৰে আয়েজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শিৱসাগৰ চহৰৰ লখিমীনগৰৰ বি জি ৰোডস্থিত সাই বিকাশ একাডেমীত শনিবাৰে সংঘটিত হৈছিল এই জঘন্য কাণ্ডটো ৷ ছাত্ৰৰ ছুৰিকাঘাতত নিহত বিজ্ঞান বিভাগৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবু বিজোৱাৰালৈ আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষকলৈ শ্ৰদ্ধাঞ্জলি (ETV BHARAT ASSAM)

এই অবাঞ্চিত ঘটনাই শিৱসাগৰৰ লগতে অসমৰ সচেতন মহলৰ মন-মগজু জোকাৰি গৈছিল । উদ্ৰেক হৈছে বৰ্তমান সময় আৰু নতুন প্ৰজন্মক লৈ ন ন চিন্তা । এনে দোমোজাৰ মাজতে সোমবাৰে শিৱসাগৰ নগৰৰ সাই বিকাশ একাডেমীত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । বিদ্যালয়ৰ শিক্ষক, ছাত্র-ছাত্ৰী, অভিভাৱক তথা ৰাজেশ বাবুৰ গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শিক্ষকগৰাকীলৈ আগবঢ়োৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি । উক্ত অনুষ্ঠানত সাই বিকাশ গ্ৰুপৰ পৰিচালক শ্ৰীনিৱাস ৰেড্ডী উপস্থিত থাকি প্ৰয়াত প্ৰশাসনিক মুৰব্বী তথা শিক্ষক ৰাজেশ বাবুৰ জীৱন আৰু কৰ্মসাধনাৰ ওপৰত আলোকপাত কৰে । অশ্ৰুসিক্ত নয়নেৰে ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলে ৰাজেশ বাবুক স্মৰণ কৰে ।

শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীয়ে উল্লেখ কৰা মতে, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা বাবেই সাই বিকাশ শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্রজনে ছুৰীৰে হত্যা কৰে বিজ্ঞানৰ শিক্ষক তথা প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক । শনিবাৰে দুপৰীয়া গণিত বিষয়ৰ শ্ৰেণীত মনোযোগ নিদিয়াৰ বাবে দিনটোৰ কাৰণে শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হৈছিল ছাত্ৰজনক ।

শিষ্যৰ আক্ৰমণত গুৰুৰ মৃত্যুক লৈ এতিয়াও কম্পিত হৈ আছে শিৱসাগৰ । শনিবাৰে শিৱসাগৰ নগৰৰ সাই বিকাশ একাডেমীত উচ্চতৰ মধ্যমিক বিজ্ঞান শাখাৰ এজন ছাত্ৰৰ ছুৰীৰ আক্ৰমণত নিহত হৈছিল শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক মুৰব্বী তথা শিক্ষক ৰাজেশ বাবুৰ । উল্লেখযোগ্য যে কালি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত ৰাজেশ বাবুৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ নিজ বাসগৃহলৈ বিমানযোগে প্ৰেৰণ কৰা হয় ।

আনহাতে, অভিযুক্ত ছাত্ৰজনক কালি জুভেনাইল জাষ্টিছ ব'ৰ্ডৰ আগত হাজিৰ কৰোৱাত দণ্ডাধীশে যোৰহাটৰ শিশু পৰ্যৱেক্ষণ তথা সংশোধন গৃহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে । শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে ৭৮/২০২৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৩ অধীনত হত্যাৰ তদন্ত চলাইছে ।

লগতে পঢ়ক:শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

ছাত্ৰৰ হাতত নিহত শিক্ষক ৰাজেশ বাবুৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন - TEACHER STABBED TO DEATH

ABOUT THE AUTHOR

...view details