গোলাঘাট:পুৰণিক বিদায় আৰু নৱবৰ্ষক আদৰিবলৈ মেলামৰাত অনুষ্ঠিত হৈছে গছ আৰু ফুলৰ উৎসৱ ৷ খুমটাইৰ মেলামৰা চাহ পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰত গছ আৰু ফুলৰ সুবাস বিয়পি পৰিছে । বিধায়ক মৃণাল শইকীয়াৰ তত্বাবধানত অনুষ্ঠিত কৰা এই গছ আৰু ফুলৰ মেলাত লুপ্তপ্ৰায় বিভিন্ন গছ গছনিৰ প্ৰদৰ্শন কৰা হৈছে ।
চিনাতলী গাঁৱৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী অনন্ত শইকীয়াই প্ৰদৰ্শনী কৰা গছ সমূহৰ ভিতৰত আছে লুপ্তপ্ৰায় জেতুলি পকা, বৰ্হমথুৰি, হিং, গৰখিচ, কোটকোৰা, বঁহত আদিকে ধৰি ১৫০ জোপ গছ গছনি । ইয়াৰ উপৰি উক্ত মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক ফুলৰ দোকানে অংশগ্ৰহণ কৰিছে ।
সোমবাৰে খুমটাই সমষ্টিৰ মেলামৰা চাহ পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰত অনুষ্ঠিত কৰা গছ আৰু ফুলৰ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে । মেলাখন উদ্বোধন কৰি উপাধ্যক্ষগৰাকীয়ে সাংবাদিকৰ আগত কয়, "বিধায়ক মৃণাল শইকীয়াই নিজৰ সমষ্টিত গছ আৰু ফুলৰ মেলা অনুষ্ঠিত কৰিছে । ইয়াত আহি মই অতিকৈ আনন্দিত হৈছো । ইয়াত অহাৰ পাছত গছপুলিৰে আদৰণি জনোৱাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ তেওঁ যি সজাগতা সৃষ্টি কৰিছে এইটো অতি উত্তম ।"
উপাধ্যক্ষগৰাকীয়ে পুনৰ কয়, "ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এতিয়াৰে পৰা যদি প্ৰকৃতিৰ প্ৰতি সজাগতা সৃষ্টি কৰা হয় আগন্তুক দিনত ই ভাল ফল দিব । বিধায়ক মৃণাল শইকীয়াই আয়োজন কৰা গছ আৰু ফুলৰ মেলা অসমৰ প্ৰতিখন সমষ্টিত কৰিব লাগে । আজি মোৰ মনলৈ আহিছে যে মোৰ সমষ্টিত বহল ভিত্তিত অনুষ্ঠিত কৰিম । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম বৰ্ষত ১ কোটি, দ্বিতীয় বৰ্ষত ২ কোটি আৰু তৃতীয় বৰ্ষত ৩ কোটি গছপুলি ৰোপণ কৰিছে । নিজৰ সন্তানক যেনেকৈ লালন-পালন কৰিবলৈ কষ্ট হয় ঠিক গছপুলি এটা ডাঙৰ-দীঘল কৰিবলৈ একে কষ্ট হয় । গতিকে গছপুলিটো নিজৰ সন্তান বুলি গণ্য কৰি ডাঙৰ দীঘল কৰিলে ইয়াৰ সুফল পাম ।"
তেওঁ পুনৰ কয়, "সাংবাদিক,শিক্ষক আৰক্ষী আদিকে ধৰি সকলোৱে যদি এজোপা গছপুলি ৰোপণ কৰি এটা আন্দোলন গঢ়ি তোলে তেনেহ'লে অসমখন আৰু সুন্দৰ হ'ব । এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিম বিধানসভাৰ মজিয়াত এটা প্ৰস্তাৱ গৃহীত কৰি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত গছ আৰু ফুলৰ মেলা অনুষ্ঠিত কৰিবলৈ ।"