অসম

assam

ETV Bharat / state

লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত ৰে'ল চলাচল ব্যাহত : বহুকেইখন ৰে'লৰ যাত্ৰা বাতিল - Freight train derailed - FREIGHT TRAIN DERAILED

Train services suspended: লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথেৰে ৰে'ল চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে । এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ পিচতেই সৃষ্টি হয় এই পৰিস্থিতিৰ ।

Train services suspended
FREIGHT TRAIN DERAILED

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 9:58 PM IST

হাফলং, 25 এপ্ৰিল: লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত এখন মালবাহী ৰে'ল লাইনচ্যুত হোৱাৰ বাবে ৰে'ল চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে । বৃহস্পতিবাৰে পুৱা প্ৰায় 10 বজাত হাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজত 110 কিলোমিটাৰ এলেকাত বদৰপুৰৰ পৰা লামডিং অভিমুখে যোৱা এখন মালবাহী ৰে'লৰ ইঞ্জিন লাইনচ্যুত হয় ।

ইয়াৰ ফলত বদৰপুৰ ডিটেকচৰা আৰু নিউ হাফলঙত চাৰিখন যাত্ৰীবাহী ৰে'ল আবদ্ধ হৈ পৰে । হাজাৰ হাজাৰ ৰে'ল যাত্ৰীৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ইপিনে আজি বিয়লি 3.30 মান বজাত লাইনচ্যুত হোৱা মালবাহী ৰে'লৰ ইঞ্জিন বদৰপুৰৰ পৰা এখন উদ্ধাৰকাৰী ৰে'ল আহি ৰে'ল লাইনৰ পৰা আঁতৰোৱাৰ পিচতে নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ থকা শিয়ালদাহ-শিলচৰ কাঞ্চনজঙ্ঘা ৰে'লগাড়ীখন পাৰ হৈ যায় ।

ইফালে নিউ হাফলং ষ্টেচনত আবদ্ধ হৈ থকা ছিকেন্দ্ৰাবাদ-আগৰতলা এক্সপ্ৰেছ ৰে'লগাড়ীখন জাতিংগা লামপুৰ ৰে'ল ষ্টেচনলৈ লৈ যোৱাৰ পিচতে আকৌ হাৰাংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজৰ 110 কিলোমিটাৰ অংশত পৰীক্ষামূলকভাৱে চলোৱা এখন লাইট ইঞ্জিন পুনৰ লাইনচ্যুত হয় । যাৰ ফলত অনিৰ্দিষ্টকালৰ বাবে লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ৰে'লৰ চলাচল বন্ধ হৈ পৰে ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীত ডি আৰ এম আৰু ৰে'লৱেৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল আহি উপস্থিত হয় । নিশা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জেনেৰেল মেনেজাৰ দুৰ্ঘটনাস্থলীত উপস্থিতি হ'ব বুলি জানিব পৰা গৈছে । ৰে'ল বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে যে হাৰাংগাজাও জাতিংগা লামপুৰৰ মাজতে 110 কিলোমিটাৰ অংশত ৰে'ল লাইন সম্পূৰ্ণ নষ্ট হৈ পৰে ।

ইপিনে ছিকেন্দ্ৰাবাদ-আগৰতলা এক্সপ্ৰেছ ৰে'লৰ যাত্ৰা বাতিল কৰি পুনৰ নিউ হাফলং ষ্টেচনলৈ ঘূৰাই অনা হয় । ডিটেকচৰা ষ্টেচনত আবদ্ধ হৈ থকা শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে'ল গাড়ীখন ডিটেকচৰাৰ পৰা যাত্ৰা বাতিল কৰি পুনৰ শিলচৰ ঘূৰাই লৈ যোৱা হয় । ইপিনে আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ ৰে'ল গাড়ীখন দামচৰা ষ্টেচনৰ পৰা যাত্ৰা বাতিল কৰি বদৰপুৰ ঘূৰাই লৈ যোৱা হয় ।

কেতিয়া লামডিং-শিলচৰ ব্ৰডগজ ৰে'লপথত ৰে'ল চলাচল সুচল হৈ উঠিব সেয়া লৈ উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষ নিশ্চিত কৰি একো ক'ব পৰা নাই ।

লগতে পঢ়ক:বাৰিষাৰ পূৰ্বেই ডিব্ৰুগড়ৰ মোহনাঘাটত বৰলুইতত জাহ গৈছে ইটোৰ পিচত সিটো বাসগৃহ - Erosion In Dibrugarh

ABOUT THE AUTHOR

...view details