অসম

assam

ETV Bharat / state

অতি মৰ্মান্তিক; বৰাকৰ বুকুত চিৰদিনৰ বাবে হেৰাই গ’ল মাতৃ-কন্যা - TRAGIC ACCIDENT IN CACHAR

দুৰ্ঘটনাৰ ৭ ঘণ্টাৰ পাছত বৰাক নৈৰ পৰা উদ্ধাৰ দুৰ্ঘটনাগ্ৰস্ত বাহন । বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ শিশুকন্যাৰ সৈতে মাতৃৰ নিথৰ দেহ ।

Tragic accident in Cachar
নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰিল অল্টো বাহন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 18, 2024, 9:30 AM IST

শিলচৰ:মঙলবাৰে নিশা কাছাৰৰ বৰখলা ৰায়পুৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত বাগৰি পৰে এখন অল্টো বাহন । এই ভয়ংকৰ দুৰ্ঘটনাত নদীৰ পানীত নিখোঁজ হয় বাহনখনত থকা মাতৃ আৰু এবছৰীয়া কন্যাশিশু । অৱশেষত বুধবাৰে পুৱা উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন । বাহনখনৰ পৰা উদ্ধাৰ হয় হেলিনা বেগম বৰভূঞা নামৰ মহিলাগৰাকীৰ সৈতে তেওঁৰ এবছৰীয়া কন্যা জন্নত আৰা বেগম ৷

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া বৰখলা মোহনপুৰৰ ৰইছ উদ্দিন নামৰ এজন লোকে নিজ অল্টো বাহনেৰে তেওঁৰ পত্নী আৰু এবছৰীয়া কন্যাশিশুক লগত লৈ চিকিৎসাৰ বাবে শিলচৰ চহৰলৈ গৈছিল । চিকিৎসকক দেখুৱাই নিশা শিলচৰ চহৰৰ পৰা বৰখলা মোহনপুৰস্থিত নিজঘৰলৈ উভতি অহাৰ সময়ত ৰায়পুৰত হঠাৎ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা বৰাক নদীত বাগৰি পৰে ।

নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নৈত পৰিল অল্টো বাহন (ETV Bharat Assam)

ইফালে বাহনখন নৈত পৰি যোৱাৰ পাছত বাহনৰ আইনা ভাঙি কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰি ৰইছ উদ্দিন ওলাই আহে যদিও বাহনখনত থকা তেওঁৰ পত্নী আৰু শিশুকন্যা বাহনসহ পানীত ডুব যায় । ভয়ংকৰ এই দুৰ্ঘটনাৰ খবৰ পাই নিশাতেই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাসহ আৰক্ষী আৰু এছ ডি আৰ এফৰ লগতে বহু স্থানীয় লোক ।

আনহাতে, স্থানীয় ৰাইজৰ সহযোগত এছ ডি আৰ এফে ওৰে নিশা নৈত মাতৃ-কন্যাক বিচাৰি অভিযান চলায় যদিও বাহনসহ মাতৃ-কন্যাৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলে । ইয়াৰ পিছত বুধবাৰে পুৱাতে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় । অৱশেষত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ লগতে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

ইপিনে ভয়ংকৰ এই দুৰ্ঘটনাত ৰইছ উদ্দিন নামৰ লোকজনো আহত হৈ বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ মৰ্মান্তিক এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।

কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয়, "যোৱা নিশা প্ৰায় 11.30 মান বজাত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় ৷ এটা পৰিয়াল গাড়ীসহ নদীত সোমাই যায় ৷ বাহনখনত থকা এজন ব্যক্তি কোনোমতে ওলাই আহে ৷ তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ গোটেই ৰাতি এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলোৱা হয় ৷"

লগতে পঢ়ক :এইবাৰ মাঘত নহ’ব ম’হ যুঁজ-বুলবুলি যুঁজ; আইনী নিৰ্দেশনা - BUFFALO AND BULBUL BIRD FIGHT BANS
লগতে পঢ়ক :জালত পৰিল ৪ সোণ চোৰ: কলকাতাৰ পৰা আটক নাৰী নিৰ্যাতনৰ অভিযুক্ত - GOLD THIEVES ARRESTED

ABOUT THE AUTHOR

...view details