গুৱাহাটী:পুত্ৰ সন্তানৰ জন্মদিনৰ দিনাই এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে এগৰাকী চিকিৎসকে । আনৰ চিকিৎসা সেৱাত অহৰহ ব্ৰতী হোৱা চিকিৎসকগৰাকীয়ে অতি কম বয়সতেই সকলোকে কন্দুৱাই বিদায় ল'লে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডেম’নষ্ট্ৰেটৰগৰাকীৰ পৰিয়ালৰ লোকেও হয়তো সপোনতো ভবা নাছিল এনে এক অবাঞ্চিত ঘটনাৰ কথা । যেন নভবাকৈয়ে ঘটি গ'ল ঘটনাটো ।
৩২ বছৰীয়া ডাঃ অনিন্দিতা পাটোৱাৰীয়ে বিগত ১০ মাহ ধৰি দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ আছিল । মৰণব্য়াধিৰ বিষয়ে জানিব পাৰিছিল আজিৰ পৰা ১০ মাহ পূৰ্বে । চিকিৎসকে উল্লেখ কৰা অনুসৰি ডাঃ অনিন্দিতা পাটোৱাৰী পেটৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল । তেওঁ চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধ শৰীৰত বিয়পি পৰিছিল । ইয়াৰ পূৰ্বেও তিনিবাৰ হেলথ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অনিন্দিতাক । খাদ্যনলী বন্ধ হৈ পৰাৰ লগতে হৈছিল অতিমাত্ৰা ৰক্তক্ষৰণ ।
শনিবাৰে পুৱা হেলথ চিটী হাস্পতালত চিকিৎসকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ডেম’নষ্ট্ৰেটৰ ডাঃ অনিন্দিতা পাটোৱাৰীৰ বিয়োগৰ খবৰে শোকাহত কৰিছে ৰাজ্যবাসীক । ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক অচ্যুৎ কুমাৰ পাটোৱাৰীৰ ককায়েক অজিত পাটোৱাৰীৰ কন্যা আছিল ডাঃ অনিন্দিতা পাটোৱাৰী ৷ প্ৰায় ১০ মাহ ধৰি এই ৰোগত আক্ৰান্ত হৈ আছিল চিকিৎসকগৰাকী ।