অসম

assam

ETV Bharat / state

২৫ ছেপ্টেম্বৰৰ পৰা কামাখ্যাত দুৰ্গা পূজা, ভক্তৰ বাবে কি কি নিৰ্দেশনা ? - Durga Puja 2024 - DURGA PUJA 2024

Durga Puja at kamakhya temple : কামাখ্যা মন্দিৰত পৰম্পৰাগতভাৱে দুৰ্গা পূজা আৰম্ভ হ’ব ২৫ ছেপ্টেম্বৰত ৷ কিন্তু দৰ্শনাৰ্থীৰ বাবে থাকিব কেতবোৰ নিয়ম আৰু নিষেধাজ্ঞা ৷ কেই বজাৰ পৰা কেইবজালৈ ভক্তৰ বাবে খোলা থাকিব কামাখ্যাৰ দুৱাৰ ? কোনখন দুৱাৰেৰে প্ৰৱেশ কৰিব পাৰিব ভক্তই ?

Durga Puja at kamakhya temple
২৫ ছেপ্টেম্বৰৰ পৰা কামাখ্যাত দুৰ্গা পূজা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 5:08 PM IST

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : শক্তিপীঠ হিচাপে পৰিচিত শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত পৰম্পৰাগতভাৱে অহা ২৫ ছেপ্টেম্বৰত কৃষ্ণ নৱমী পূজাৰে পৰা এইবেলি শাৰদীয় দুৰ্গা পূজাৰ শুভাৰম্ভ কৰা হ’ব । শনিবাৰে কামাখ্যা মন্দিৰৰ অতিথিশালাত আয়োজিত এক সংবাদমেলত আগন্তুক দুৰ্গা পূজাৰ কাৰ্যসূচীৰ বিষয়ে সদৰী কৰে কামাখ্যা বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই ৷

তেওঁ কয় যে ২৫ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব । সিদিনা পুৱা নিত্যপূজাৰ পিচত দেৱালয়ৰ দুৱাৰ যাত্ৰীৰ বাবে খোলা হ’ব আৰু মাত্ৰ দুই হাজাৰ ভক্ত বা যাত্ৰীকহে গর্ভগৃহ দৰ্শনৰ সুবিধা দিয়া হ’ব । মূৰ্তি দৰ্শনৰ বাবে পুৱা ৭ বজাৰ পৰা আবেলি ২ বজালৈ ব্যৱস্থা থাকিব । সিদিনা ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব ৷ ২৬ ছেপ্টেম্বৰৰ পৰা ৯ অক্টোবৰলৈ পুৱা ৮.৩০ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব । সেইকেইদিনত বিশেষ দৰ্শনৰ ব্যৱস্থা সীমিত ৰখা হৈছে ।

কামাখ্যা বৰদেউৰী সমাজৰ সংবাদমেল (ETV Bharat Assam)

১০ অক্টোবৰ সপ্তমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব ৷ বিয়লি মন্দিৰৰ দুৱাৰ বন্ধ কৰি দেৱীৰ ভোগ আৰু আৰতি সমাপন কৰা হ’ব ৷ সিদিনাও ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব ৷ ১১ অক্টোবৰত অষ্টমী আৰু নৱমী পূজাৰ বাবে আবেলি ডেৰ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব । সিদিনা ১,২০০ গৰাকী যাত্ৰীৰহে গৰ্ভগৃহত দৰ্শনৰ ব্যৱস্থা থাকিব ।

পুৱা দেৱীৰ স্নান পৰ্বৰ পিচত যাত্ৰীসকলে ১নং গেটেৰে দেৱীৰ প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰিব । পুৱা ১০ বজাৰ পিচত ২ নং গেটেৰেহে দেৱীৰ প্ৰতিমূৰ্তি দর্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । সিদিনাও ভি আই পিৰ বিশেষ দর্শনৰ ব্যৱস্থা বন্ধ থাকিব । ১২ অক্টোবৰ দশমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব । দুপৰীয়া ভোগ নিবেদনৰ পিচতে আবেলি ১ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব । সিদিনাই কামাখ্যা দেৱালয়ত দুৰ্গা পূজাৰ সামৰণি পাৰিব ।

লগতে পঢ়ক :এই বৰ্ষত দেৱীৰ আগমন তথা গমনে কেনে প্ৰভাৱ পেলাব ভক্তৰ জীৱনত

দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ?

৪৫ লাখ টকাৰ বাজেটেৰে বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি: বলি দিব ৫২ টা ম'হ

ABOUT THE AUTHOR

...view details