অসম

assam

চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ - Bishal Phukan Trading Scam

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 3:45 PM IST

Updated : Sep 4, 2024, 6:45 PM IST

Choreographer Sumi Borah : ৯ ঘণ্টা জনপ্ৰিয় গায়ক দীক্ষুৰ ঘৰতে আত্মগোপন কৰি থাকিল পলাতক চুমী বৰা আৰু স্বামী তাৰ্কিক বৰাই ৷ তথাপি জনোৱা হোৱা নাছিল আৰক্ষীক ৷ ইয়াৰ পিচতে নুনমাটি আৰক্ষীয়ে চুমি বৰাক বিচাৰি অভিযান চলায় কণ্ঠশিল্পীগৰাকীৰ নুনমাটিস্থিত বাসগৃহত ৷

Choreographer Sumi Borah
৯ ঘণ্টা দীক্ষুৰ ঘৰত আত্মগোপন চুমী-তাৰ্কিকৰ (ETV Bharat Assam)

গুৱাহাটী, ৪ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিংযোগে জালিয়তি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন নামৰ যুৱকজনৰ লগত নাম সাঙোৰ খাই পৰা চুমী বৰা আৰু তাৰ্কিক বৰা পলাতক অৱস্থাত আছে । দুদিন পূৰ্বে নুনমাটিৰ গণেশমন্দিৰ পথত শিল্পী দীক্ষু‌ শৰ্মাৰ ঘৰত চুমী বৰা আৰু স্বামী তাৰ্কিক বৰা আত্মগোপন কৰি আছিল । দিনৰ এক বজাৰ পৰা নিশা 10 বজালৈ দীক্ষুৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল শিল্পী দীক্ষুৰ ঘৰত ।

৯ ঘণ্টা দীক্ষুৰ ঘৰত আত্মগোপন চুমি-তাৰ্কিকৰ (ETV Bharat Assam)

ইয়াৰ পিছতে বুধবাৰে বিয়লি গুৱাহাটীৰ নুনমাটি আৰক্ষীয়ে অভিযান চলালে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত ৷ আৰক্ষীৰ অভিযানৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘ চুমী বৰা ইয়াত আছে নেকি চাবলৈ আৰক্ষী আহিছিল ৷ চাই গ’লগৈ ৷ আৰক্ষীক যিদৰে সহায় কৰিব লাগে কৰিম বুলি কৈছো ৷ আমাক মাতি পঠিওৱা নাই ৷ কেৱল চাবলৈহে আহিছিল আৰক্ষী ৷ যি হৈছে মই সকলো কৈ দিছো ৷’’

দীক্ষুৰ বাসগৃহত নুনমাটি আৰক্ষীৰ অভিযান (ETV Bharat Assam)

দীক্ষু শৰ্মাই সংবাদ মাধ্যমত সদৰী কৰি কয়, ‘‘যোৱা দেওবাৰে দিনত চুমী আমাৰ ঘৰলৈ আহিছিল । তেতিয়া মই নলবাৰীৰ এটা অনুষ্ঠানত আছিলো । পত্নীয়ে মোক সিহঁত অহাৰ কথা জনাইছিল । ইতিমধ্যে মই টিভিত ঘটনাটোৰ কিছু কথা দেখি আছিলো । নিশা ঘৰ পাওঁতে মোৰ ৯.৩০ বাজিছিল । "

সুখৰ দিনত... (ETV Bharat Assam)

দীক্ষুৱে কয়, ‘‘নিশা যেতিয়া মই ঘৰ পালো, তেতিয়ালৈকে সিহঁত আমাৰ ঘৰতে আছিল । সিহঁত বহুত চিন্তাত আছিল । তাৰ্কিকে কি কৰিম বুলি মোৰ পৰামৰ্শ বিচাৰিছিল ।‌ মই আৰক্ষীৰ ওচৰত গৈ সকলো সঁচা কথা ক'বলৈ কৈছিলো ।

ঘনিষ্ঠতা... (ETV Bharat Assam)

তেতিয়া তাৰ্কিকৰ ফোনলৈ বশিষ্ঠ আৰক্ষী থানাৰ পৰা কল আহিছিল । সি ফোনটো নধৰিলে ।‌ মই সিহঁতক আৰক্ষীৰ ওচৰত যাবলৈ অনুৰোধ কৰি ঘৰৰ পৰা যাবলৈ ক’লো ।‌ সিহঁতে চাগে মোৰ ঘৰৰ তলত ফোন ছুইটচ অফ কৰি গুছি গৈছিল । তাৰ পিছত একো খবৰ পোৱা নাই ।’’

ঈশ্বৰৰ ঘৰত শিল্পীৰ দল... (ETV Bharat Assam)

ইপিনে দীক্ষুৰ পত্নী বিজিয়েতা পাটগিৰিয়ে কয়, ‘‘সিহঁত মানসিকভাৱে ভাগি পৰা বুলি কোৱাৰ বাবে মোৰ ঘৰলৈ আহিবলৈ দিছিলো ।‌ সিহঁত দিনৰ ১ বজাৰ পৰা নিশা‌ ১০ বজালৈ আছিল । নিজৰ‌‌ মাজত কথা পাতি আছিল । ‌মাজে মাজে মোক সুধিছিল বিশাল‌ বাছি যাবনে বুলি ৷‌ মই চিনেমা চাই আছিলো । মই তেওঁলোকৰ ব্যক্তিগত কথাত সোমাব বিচৰা নাছিলো ।’’

লগতে পঢ়ক :শোণিতপুৰত আৰক্ষীৰ জালত ৮ অনলাইন ট্রেডাৰ: মাষ্টাৰ মাইণ্ড কোন ?

বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি

বিশাল ফুকনক আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষীৰ

Last Updated : Sep 4, 2024, 6:45 PM IST

ABOUT THE AUTHOR

...view details