অসম

assam

ETV Bharat / state

জনতা ভৱনত কল চেণ্টাৰ ! ফাঁকি-ফুকা আৰু নচলিব - TOLL FREE NUMBER AT JANATA BHAWAN

পি এম অ'ৰ দৰে হ'ব দিছপুৰৰ চি এম অ' ৷ ঘনে ঘনে আহিব জনতাৰ ফোন ৷

toll-free-number-for-public-complain
জনতা ভৱনত কল চেণ্টাৰ ! ফাঁকি-ফুকা আৰু নচলিব (Etv Bharat)

By ETV Bharat Assamese Team

Published : Oct 24, 2024, 7:31 PM IST

হায়দৰাবাদ:বিধিগতভাৱে আপুনি চৰকাৰৰ পৰা পাবলগীয়া সা-সুবিধাখিনি এতিয়াও পোৱাত অসুবিধা হৈছে নেকি ? আপোনাৰ হ'বলগীয়া কাম আজি কৰি দিম কালি কৰি দিম বুলি অজুহাত দেখুৱাই কোনো দিছপুৰীয়া বিষয়াই আপোনাক অতিষ্ঠ কৰি তুলিছে নেকি ? যদি এনে হৈছে তেন্তে অহা বছৰৰ পৰা আৰু হয়তো তেনেকুৱা নহ'ব ৷

কোনো জ্যোতিষীৰ ভবিষ্যদ্বাণী নহয় এয়া ৷ এয়া ৰাজ্য চৰকাৰখনে আৰম্ভ কৰিবলগীয়া এক নতুন ব্যৱস্থাৰ আগতীয়া এটা খবৰহে ৷ ঠিক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পি এম অ') ত থকাৰ দৰে অনুৰূপ এটা ব্যৱস্থা দিছপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় (চি এম অ') তো কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক শীৰ্ষ সুত্ৰই এই নতুন ব্যৱস্থাৰ বিষয়ে ই টিভি ভাৰতক জানিবলৈ দি কয়- " মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে ঘোঘণা কৰিয়েই থৈছিল যে ৰাইজৰ এনেধৰণৰ অভাৱ-অভিযোগসমূহ যাতে পোনপটীয়াকৈ জানিব পৰা যায় তাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এটা টোলফ্ৰী নম্বৰৰ ব্যৱস্থা কৰা হ'ব ৷ সেয়া এতিয়া কাৰ্যকৰী হোৱাৰ পথত ৷"

মন কৰিবলগীয়া যে এই টোলফ্ৰী নম্বৰৰ জৰিয়তে ৰাইজে বিভিন্ন সেৱা লাভ কৰাৰ ক্ষেত্ৰত যদি কিবা অসুবিধা লাভ কৰে বা কোনো চৰকাৰী বিষয়াই যদি ইচ্ছাকৃতভাৱে কোনো কাম কৰি দিয়াত হেমাহি কৰে তেন্তে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দিব পাৰিব ৷ প্ৰাপ্ত খবৰ অনুসৰি আগন্তুক বৰ্ষৰ জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব এই নতুন ব্যৱস্থা ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত পূৰ্বৰে পৰাই এনে এক ব্যৱস্থা সক্ৰিয় হৈয়ে আছে ৷

লগতে পঢ়ক:অনুকম্পামূলক নিযুক্তি বন্ধ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

ABOUT THE AUTHOR

...view details