মেষ ৰাশি : গণেশৰ কৃপাত দিনটো শুভ ৷ কামৰ সংক্ৰান্ত বাহিৰলৈ যাব লাগিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিব, ভৱিষ্যতে লাভ হ’ব ৷ হঠাতে হোৱা সাল-সলনিয়ে কামৰ ধাৰা সলনি কৰিব আৰু সিদ্ধান্ত লওঁতে সময়ৰ প্ৰয়োজন হ’ব ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব, বিশেষকৈ মহিলাৰ লগত ৷
বৃষ ৰাশি : শান্ত থাকিবলৈ চেষ্টা কৰক ৷ অশান্ত মনে বিপদত পেলাব পাৰে ৷ সাহিত্যিক আৰু কলাৰ লগত জড়িতসকলৰ বাবে বহু সুযোগ লাভ কৰিব ৷ ভ্ৰমণ বাতিল কৰক ৷
মিথুন ৰাশি :দিনটো মধ্যমীয়া ৷ ভাল খাদ্য গ্ৰহণৰ সুযোগ ৷ বজাৰ কৰাৰ আনন্দ লাভ কৰিব ৷ ভাল কাপোৰ আৰু অলংকাৰ কিনাৰ সময় ৷ অৱশ্যে খৰচৰ মাত্ৰা আয়তকৈ বেছি হ’ব ৷ পৰিয়াল, বন্ধু আৰু সহকৰ্মীৰ পৰা সহযোগিতাত লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে কিছু অপেক্ষা কৰক ৷ কথা কওঁতে সাৱধান হওক নহ’লে পৰিয়ালৰ লোকৰ লগত মতভেদ হ’ব পাৰে ৷ শৰীৰৰ বিশেষভাৱে যত্ন লওক ৷ সম্পত্তি আৰু সন্মান কিছু ক্ষতি হোৱাৰ সম্ভাৱনা, সাৱধানতা অৱলম্বন কৰক ৷
সিংহ ৰাশি :সৌভাগ্যশালী দিন ৷ বিশেষকে মহিলা বন্ধুৰ পৰা সহায় লাভ কৰিব ৷ প্ৰিয়জনৰ লগত বা বন্ধুৰ লগত সুন্দৰ ঠাইলৈ ফুৰিবলৈ যাব পাৰে ৷ লক্ষ্মীদেৱী সুপ্ৰসন্ন থাকিব ৷ সম্পত্তি ক্ৰয়ৰ যোগ আছে ৷ ব্যৱসায়ত উন্নতি ৷
কন্যা ৰাশি : দিনটো শুভ ৷ চাকৰি বা ব্যৱসায়ত প্ৰচুৰ উন্নতি হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ সঠিক সময় ৷ পদোন্নতি আৰু ধন লাভ হ’ব ৷ গ্ৰহৰ দশা অতি ভাল ৷ ব্যক্তিগত বিষয়ত পিতৃৰ পৰা লাভ পাব ৷ ঘৰুৱা শান্তিৰ সময় ৷ দিনটো সুকলমে পাৰ হ’ব ৷