মেষ-আজি মেষ ৰাশিৰ জাতক-জাতিকাসকলে কথা কওঁতে সংযম ৰাখক ৷ প্ৰিয়জনৰ সৈতে কোনো কথাত মতানৈক্য হ’ব পাৰে ৷ আয়ৰ তুলনাত ব্যয় অধিক হ’ব ৷ স্বাস্থ্যৰ প্ৰতি সজাগ হওক ৷ দুপৰীয়াৰ পাছত সময় আপোনাৰ বাবে অনুকূল হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷
বৃষ-এই ৰাশিৰ জাতক-জাতিকাই আজি ঘৰ তথা কৰ্ম প্ৰতিষ্ঠানৰ পৰা শুভ সংবাদ লাভ কৰিব ৷ পুৰণি বন্ধুৰ সৈতে দেখা-সাক্ষাৎ হ’ব পাৰে ৷ নতুন বন্ধু লাভ ৷ ব্যৱসায়ত লাভ ৷ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক ৷ শাৰীৰিক আৰু মানসিক অৱস্থাক লৈ চিন্তিত হ’ব পাৰে ৷ বিনিয়োগত সাৱধানতা অৱলম্বন কৰক ৷ ধৰ্মীয় স্থান দৰ্শন কৰিব পাৰে ৷
মিথুন-আজি মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো লাভজনক হ’ব ৷ চাকৰিৰ ক্ষেত্ৰত শীৰ্ষ বিষয়া আপোনাৰ কামত সন্তুষ্ট হ’ব ৷ ব্যৱসায়ত আয় বৃদ্ধিৰ সম্ভাৱনা ৷ পিতৃ তথা জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ ৷ কোনো সামাজিক অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হ’ব পাৰে ৷ হঠাৎ ধন লাভৰ সম্ভাৱনা ৷ প্ৰেমত শুভ ৷ বিদ্যাৰ্থীৰ বাবেও শুভ সময় ৷
কৰ্কট-কৰ্মস্থানত শীৰ্ষ বিষয়াৰ সৈতে বাৰ্তালাপত সতৰ্ক হওক ৷ শাৰীৰিক তথা মানসিক চিন্তা হ’ব পাৰে ৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা ৷ দুপৰীয়াৰ পাছত পৰিস্থিতি অনুকূল হ’ব ৷ আৰ্থিক লাভ হ’ব পাৰে ৷
সিংহ-খং নিয়ন্ত্ৰণত ৰাখক আৰু কথা কওঁতে সাৱধান হওক ৷ স্বাস্থ্যৰ প্ৰতি সচেতন হওক ৷ নীতি বিৰুদ্ধ কামৰ পৰা দূৰত থাকক ৷ মানসিক চাপ থাকিব ৷ পৰিয়ালৰ সৈতে বিবাদৰ সম্ভাৱনা ৷ আধ্যাত্মিক কাম-কাৰ্যত ব্যস্ত থাকিলে মনত শান্তি পাব ৷ বিপক্ষ তথা শীৰ্ষ বিষয়াৰ সৈতে তৰ্কত লিপ্ত নহ’ব ৷ নেতিবাচক চিন্তা এৰাই চলক ৷
কন্যা- সুখ আৰু আন্তৰিকতাপূৰ্ণ এটা দিন পাৰ হ’ব ৷ দৈনিক কাম-কাজত ব্যস্ত থাকিব ৷ মনৰ শান্তিৰ বাবে মনোৰঞ্জনৰ সহায় ল’ব পাৰে ৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ দুপৰীয়াৰ পাচত কোনো কথাক লৈ চিন্তিত হ’ব ৷ আবেগিক হৈ পৰিব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ বাহন চলাওঁতে সাৱধানতা অৱলম্বন কৰক ৷ প্ৰিয়জনৰ কথাত গুৰুত্ব দিয়ক ৷