গুৱাহাটী, 7 অক্টোবৰ:সোমবাৰৰ পৰা আৰম্ভ হ’ল ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ । আগন্তুক দুৰ্গোৎসৱৰ সময়ছোৱাত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত নিশ্চিত কৰি পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত ৭-১৩ অক্টোবৰলৈ অনুষ্ঠিত কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী সোমবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ পৰিবহণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।
মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি ৰাজ্যৰ জিলা পৰিবহণ বিষয়াসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় । পৰ্যালোচনা সভাখনৰ আৰম্ভণিতে পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে উলিওৱা বাইক-কাৰ ৰেলিৰ ফ্লেগ অফ কৰাৰ লগতে “নিৰ্বাক” গোষ্ঠীৰ এক ব্যতিক্ৰমী মুকাভিনয় অনুষ্ঠানৰ দ্বাৰা পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক পথ-সুৰক্ষা সপ্তাহ মুকলি হোৱা বুলি ঘোষণা কৰে ।
ইয়াৰ লগতে উপস্থিত থকা লোকসকলৰ মাজত মন্ত্ৰীগৰাকীয়ে পথ-সুৰক্ষা বাণীসম্বলিত টি-ছাৰ্ট আৰু টুপী বিতৰণ কৰে । ইয়াৰ আগেয়ে মন্ত্ৰীগৰাকীক আদৰণি জনায় পৰিবহণ বিভাগৰ সচিব আদিল খানে । পথ-সুৰক্ষা সপ্তাহৰ উদেশ্য ব্যাখ্যা কৰে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ।
পথ সুৰক্ষা সপ্তাহ মুকলি কৰি দিয়া ভাষণত পৰিবহণ মন্ত্ৰীগৰাকীয়ে আগন্তুক দুৰ্গোৎসৱৰ সময়ছোৱা পথ-দুৰ্ঘটনামুক্তভাৱে উদযাপন কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰে । তেওঁ কয় যে পথ আৰু বাহনেৰে যাতায়াত কৰাসকলক পৰিবহণ বিভাগৰ বিষয়াই পথ-সুৰক্ষাৰ নীতি-নিয়ম সন্দৰ্ভত বাৰম্বাৰ সজাগ-সতৰ্ক কৰি অহা কাৰ্যক হাৰাশাস্তি বুলি ভবাটো অনুচিত । বৰঞ্চ আমাৰ জীৱনৰ সুৰক্ষাৰ কাৰণে পৰিবহণৰ বিষয়াই নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাৰ উপকাৰিতা আমি প্ৰত্যেকেই অন্তৰেৰে অনুভৱ কৰিব লাগিব ।